কাইলৈ মহাকাশত দেখা যাব এক বিৰল দৃশ্য

DY365
DY365
Published: December 14,2024 02:57 PM
DY365

Story highlights

কাইলৈ মহাকাশত দেখা যাব এক বিৰল দৃশ্য

১৪ ডিচেম্বৰ,২০২৪-  কাইলৈ মহাকাশত দেখা যাব এক বিৰল দৃশ্য
কাইলৈ মহাকাশত দৃশ্যমান হ'ব এক বিৰল জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা। ১৫ ডিচেম্বৰত আকাশত দেখিবলৈ পোৱা যাব শীতল চন্দ্ৰ। শীতল চন্দ্ৰ হৈছে জ্যোতিৰ্বিজ্ঞানৰ এনে এক পৰিঘটনা য’ত প্ৰায় ৯৯.৫ শতাংশ সময়ত চন্দ্ৰ দৃশ্যমান হ’ব। শীতল চন্দ্ৰ শব্দটো আমেৰিকাৰ আৰু ইউৰোপীয় পৰিঘটনাৰ পৰা উদ্ভৱ হৈছে। ‘লং নাইট মুন’ নামেৰেও জনাজাত শীতল চন্দ্ৰই ডিচেম্বৰ মাহৰ ৰাতিৰ দৈৰ্ঘ্য প্ৰতিফলিত কৰে।
বৃষ ৰাশিত অৱস্থিত এই শীতল চন্দ্ৰটোক নিশাৰ আকাশৰ কিছুমান উজ্জ্বল তৰা আৰু বৃহস্পতি গ্ৰহৰ দ্বাৰা আগুৰি থাকিব, যাৰ ফলত তৰা দৰ্শকৰ বাবে এক মন্ত্ৰমুগ্ধ দৃশ্য হ’ব। খবৰ অনুসৰি মাছাচুচেটছ, উত্তৰ কানাডা, উত্তৰ-পশ্চিম ইউৰোপ, গ্ৰীণলেণ্ড আৰু আইচলেণ্ডত বসবাস কৰা লোকসকলে সহজেই শীতল চন্দ্ৰ দেখা পাব। সাধাৰণতে ইয়াক চাবলৈ কোনো যন্ত্ৰৰ প্ৰয়োজন নহয়, কিন্তু যদি আপুনি ইয়াৰ উজ্জ্বলতা আৰু পৃষ্ঠভাগ ভালকৈ চাব বিচাৰে তেন্তে বাইনোকুলাৰ বা সৰু টেলিস্কোপ ব্যৱহাৰ কৰক।
সাধাৰণতে বছৰৰ আটাইতকৈ দীঘলীয়া ৰাতি অৰ্থাৎ ২১ ডিচেম্বৰৰ আশে-পাশে শীতল চন্দ্ৰ দেখা যায়। নাছাৰ মতে, এইবাৰ ১৫ ডিচেম্বৰ দেওবাৰে পুৱা ৪:০২ বজাত EST (ভাৰতীয় সময় অনুসৰি ২:৩২ বজাত) চন্দ্ৰ পূৰ্ণ শিখৰত উপনীত হ’ব। এই জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাটো পূবৰ আকাশত ভালদৰে দেখা যায়।


Related

TWITTER

FACEBOOK