কিহত ব্যস্ত অসম জীয়ৰী ছুপাৰ মডেল প্ৰিয়দৰ্শিনী চেটাৰ্জী?

DY365
DY365
Published: July 5,2024 05:34 PM
DY365

Story highlights

প্ৰিয়দৰ্শিনী ছেটাৰ্জীক মনত আছেনে? এক বিশেষ খবৰকলৈ চৰ্চালৈ আহিছে ২০১৬চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ আঁজুৰি আনিবলৈ সক্ষম হোৱা অসম জীয়ৰী প্ৰিয়দৰ্শিনী চেটাৰ্জী।

৫জুলাই,২০২৪: প্ৰিয়দৰ্শিনী ছেটাৰ্জীক মনত আছেনে? এক বিশেষ খবৰকলৈ চৰ্চালৈ আহিছে ২০১৬চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ আঁজুৰি আনিবলৈ সক্ষম হোৱা অসম জীয়ৰী প্ৰিয়দৰ্শিনী চেটাৰ্জী। ক্ৰেগ কাৰ্লছেন নামৰ এগৰাকী বিদেশৰ যুৱকৰ সৈতে প্ৰায় ২বছৰতকৈও অধিক কাল প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছে অসমৰ ধুবুৰীৰ কন্যা অতি সফল ছুপাৰ মডেল প্ৰিয়দৰ্শিনী ছেটাৰ্জী।





প্ৰেমিক ক্ৰেগ কাৰ্লছেন আৰু প্ৰিয়দৰ্শিনী ছেটাৰ্জী দুয়ো এতিয়া বাস কৰে নিউয়ৰ্কত। প্ৰেমিক চৰাইহালে বিভিন্ন স্থানলৈ ফুৰিবলৈ গৈ থকাৰ ফটো-ভিডিঅ’ ছ’চিয়েল মিডিয়াত স্মৃতি হিচাপে শ্বেয়াৰ কৰে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা বিশেষ পোষ্টে লাভ কৰিছে সমাদৰ। এতিয়া চৰ্চা চলিছে অসম জীয়ৰী প্ৰিয়দৰ্শিনী চেটাৰ্জী আৰু ক্ৰেগ কাৰ্লছেন কেতিয়াকৈ বান্ধ খাব বিবাহৰ বান্ধোনত?


Related

TWITTER

FACEBOOK