মধ্যপ্ৰাচ্যৰ মহাযুদ্ধত নিহত বাংলাদেশী শ্ৰমিক মহম্মদ নিজাম

DY365
DY365
Published: November 3,2024 04:22 PM
DY365

Story highlights

মধ্যপ্ৰাচ্যৰ মহাযুদ্ধই কেইবাহাজাৰো নিৰীহ লোকৰ প্ৰাণ কাঢ়িছে। এইবাৰ ইজৰাইলৰ লেবানন আক্ৰমণত নিহত হৈছে এজন বাংলাদেশী শ্ৰমিক। বেইৰুটৰ এখন কফী দোকানত থাকোতেই ইজৰাইলৰ আক্ৰমণত নিহত হৈছে শ্ৰমিকজন।

৩ নৱেম্বৰ,২০২৪: মধ্যপ্ৰাচ্যৰ মহাযুদ্ধই কেইবাহাজাৰো নিৰীহ লোকৰ প্ৰাণ কাঢ়িছে। এইবাৰ ইজৰাইলৰ লেবানন আক্ৰমণত নিহত হৈছে এজন বাংলাদেশী শ্ৰমিক। বেইৰুটৰ এখন কফী দোকানত থাকোতেই ইজৰাইলৰ আক্ৰমণত নিহত হৈছে শ্ৰমিকজন। নিহত বাংলাদেশী শ্ৰমিকজনৰ নাম হৈছে মহম্মদ নিজাম। প্ৰায় ১টা দশক ধৰি লেবাননত কৰ্মৰত আছিল মহম্মদ নিজাম। যুদ্ধৰ বাবে মৃত শ্ৰমিকজনৰ মৃতদেহ নিজ দেশলৈ উভতাই অনা সম্ভৱ নহয় বুলি মন্তব্য় বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ। এছিয়াৰ কেইবাখনো দেশৰ লাখ লাখ নাগৰিক লেবাননত কৰ্মৰত আছিল। যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে কেইবাখনো দেশে নিজৰ দেশৰ নাগৰিসকলক উভতাই লৈ গৈছিল যদিও আন দেশৰ বহু বিদেশী নাগৰিক এতিয়াও আৱদ্ধ হৈ আছে। বাংলাদেশৰো কেইবা হাজাৰ নাগৰিক এতিয়াও আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। 



বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি লেবাননত প্ৰায় ৭০ হাজাৰৰ পৰা এক লাখ বাংলাদেশীয়ে কাম কৰে। বেছিভাগ বাংলাদেশী মানুহেই ইয়াত শ্ৰমিক হিচাপে কাম কৰে। অক্টোবৰ মাহত ৰাষ্ট্ৰসংঘৰ সহায়ত লেবাননৰ পৰা বাংলাদেশী নাগৰিকক ঘূৰাই অনা প্ৰথমখন বিমান বাংলাদেশলৈ উৰা মাৰিছিল আৰু প্ৰায় ১,৮০০জন বাংলাদেশী নাগৰিকেহে এই সুবিধা লাভ কৰিছিল।
 


Related

TWITTER

FACEBOOK