চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল

DY365
DY365
Published: January 18,2025 04:30 PM
DY365

Story highlights

চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল

১৮ জানুৱাৰী ২০২৫- চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল



বহু উৎকণ্ঠাৰ অন্তত ঘোষণা হ'ল চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দল। ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে BCCIয়ে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটো ঘোষণা কৰিছে। মুখ্য নিৰ্বাচক অজিত আগৰকাৰে সংবাদমেলযোগে ভাৰতীয় দলটো ঘোষণা কৰাৰ সময়ত উপস্থিত আছিল ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাও। 
চেম্পিয়নছ ট্ৰফীৰ বাবে শুভমন গিলক ভাৰতীয় দলৰ উপ অধিনায়কৰ দায়িত্ব অৰ্পন কৰাৰ বিপৰীতে ভাৰতীয় দলত অন্তৰ্ভুক্ত নহ'ল পেচ বলাৰ মহম্মদ ছিৰাজ। উল্লেখ্য যে ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল খেলি টীম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীৰ অভিযান আৰম্ভ কৰিব। 
চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষিত ভাৰতীয় দলটো-
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (উপ অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৱাশ্ৱিংটন সুন্দৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, অৰ্শ্বদীপ সিং, যশস্বী জয়ছোৱাল, ঋষভ পণ্ট, ৰবীন্দ্ৰ জাদেজা


Related

TWITTER

FACEBOOK