'মই সঁচা কথা কওঁ,বেলেগে নকয়' । বিহু মঞ্চত কি সঁচা কথা ক'লে জুবিন গাৰ্গে ?

DY365
DY365
Published: May 5,2024 09:25 AM
DY365

Story highlights

সুৰা পান কৰি অহাৰ কথা স্বীকাৰ কৰি জুবিনে ক'লে -‘মই সঁচা কথাটো কৈ দিওঁ, বেলেগে নকয়’,‘আজি মই সুৰাপান কৰি আহিছো’

৫ মে',২০২৪: দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত অনুষ্ঠিত হোৱা দুলীয়াজান কেন্দ্ৰীয় ৰঙালী উৎসৱত সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে কৰা মন্তব্যকলৈ পুনৰ চৰ্চাত জুবিন গাৰ্গ। মঞ্চত এইবাৰ নিজকে সত্যবাদী হিচাপে প্ৰমাণ দিলে জুবিনে ।





আনে নোকোৱা কথাটো হেনো  মুকলিকৈ কয় জুবিন গাৰ্গে  । সুৰা পান কৰি অহাৰ কথা স্বীকাৰ কৰি জুবিনে ক'লে -‘মই সঁচা কথাটো কৈ দিওঁ, বেলেগে নকয়’,‘আজি মই সুৰাপান কৰি আহিছো’। অৱশ্যে ইয়াৰ পিছত সুন্দৰকৈ ইটোৰ পিছত সিটো গীত পৰিৱেশন কৰে জুবিন গাৰ্গে। 
 


Related

TWITTER

FACEBOOK