২০ জানুৱাৰী ২০২৫- শীতকালত বৃদ্ধি হয় হাৰ্ট এটেকৰ সম্ভাৱনা !
শীতকাল আৰম্ভ হোৱাৰ লগে লগে আমাৰ হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে। শীতকালত তেজৰ শিৰা বন্ধ হৈ পৰাৰ বাবে কলেষ্টেৰল বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি হয়। যাৰ বাবে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। শীতকালত হাৰ্ট এটেকৰ সমস্যা বৃদ্ধি পোৱাৰ কেইটামান মুল কাৰণ হ'ল-
শাৰীৰিক কাৰ্য্যকলাপ কম
ঠাণ্ডাৰ দিনত মানুহে শাৰীৰিক কাৰ্য্যকলাপ কম বা একেবাৰেই নকৰে। ঠাণ্ডাৰ বাবে বেছিভাগ মানুহ ঘৰৰ ভিতৰতে থাকে। আনকি বহুতেই মৰ্নিং ৱাক কৰাটোও এৰাই চলে। এনে পৰিস্থিতিত আমাৰ শৰীৰৰ ৰক্তকণিকা (RBC) সমূহ একত্ৰিত হয়, যাৰ ফলত হৃদযন্ত্ৰত তেজৰ পৰিবহন কমি যায়। সেয়েহে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়।
সংপৃক্ত চৰ্বি আৰু খাদ্যৰ পৰা বিপদ
আমাৰ খাদ্যাভ্যাসে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰাত ডাঙৰ ভূমিকা পালন কৰে। ভাৰসাম্যহীন খাদ্যই হাৰ্ট এটেকৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিত সহায় কৰে। ঠাণ্ডাৰ দিনত মানুহে ৰিফাইনড আৰু ছডিয়ামযুক্ত খাদ্য বেছিকৈ খাবলৈ ভাল পায়। এই সকলোবোৰ আমাৰ শৰীৰ আৰু হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক, যাৰ বাবে হাৰ্ট এটেক বা হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
গতিকে শীতকালত সুষম খাদ্য, ভাল জীৱনশৈলী আৰু যোগাসন, প্ৰাণায়ম আৰু ধ্যান কৰি হৃদৰোগকে ধৰি অন্যান্য ৰোগৰ পৰাও হাত সাৰিব পাৰি।