কেতিয়া প্ৰকাশ পাব ADREৰ ফলাফল?

DY365
DY365
Published: February 19,2025 01:01 PM
DY365

Story highlights

কেতিয়া প্ৰকাশ পাব ADREৰ ফলাফল?

১৯ ফেব্ৰুৱাৰী ২০২৫-  কেতিয়া প্ৰকাশ পাব ADREৰ ফলাফল?




শীঘ্ৰেই ঘোষণা কৰা হব  ADREৰ ফলাফল। ফেচবুক লাইভযোগে ADREৰ ফলাফলক লৈ বিশেষ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৭ মাৰ্চৰ পূৰ্বে প্ৰকাশ কৰা হব ADREৰ ফলাফল। প্ৰাৰ্থীসকলক বিশেষ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়, "ADREৰ ফলাফলক লৈ আপোনালোকে অত্যন্ত উৎকণ্ঠিত হৈ থকাৰ কাৰণ নাই। কাৰণ প্ৰত্যেকখন বহী বা OMR শ্বীট বা Answer Key এতিয়া আপোনালোকৰ হাততে আছে।"ইতিমধ্যে ছেবাই প্ৰকাশ কৰিছে পৰীক্ষাৰ্থীৰ OMR শ্বীটৰ প্ৰতিলিপি-এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। 



উল্লেখ্য যে ২০২৪ বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) । ছেপ্টেম্বৰ মাহৰ ১৫ আৰু ২৯ তাৰিখে অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ স্নাতক আৰু দশম শ্ৰেণীৰ পৰ্যায়ৰ পৰীক্ষা । চতুৰ্থ বৰ্গৰ পেপাৰ-১ (HSLC) আৰু পেপাৰ-২ (অষ্টম শ্ৰেণীলৈকে) ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল ২৭ অক্টোবৰত । এই পৰীক্ষাত উত্তীৰ্ণসকল নিযুক্তিৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হ’ব । লিখিত পৰীক্ষাত উত্তীৰ্ণসকলক দক্ষতা পৰীক্ষণৰ বাবে বাচনি কৰা হ’ব । যিটো তথ্য-পাতি পৰীক্ষণৰ দ্বাৰা সম্পন্ন কৰা হ’ব ।


Related

TWITTER

FACEBOOK