ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

DY365
DY365
Published: April 20,2024 11:15 AM

Story highlights

ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই বৰ্ষত ৫টা শীৰ্ষ স্থান ঘোষণা ছেবাৰ। ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছে  যোৰহাটৰ অনুৰাগ দলৈ ।


২০ এপ্ৰিল, ২০২৪ : ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই বৰ্ষত ৫টা শীৰ্ষ স্থান ঘোষণা ছেবাৰ। ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছে  যোৰহাটৰ অনুৰাগ দলৈ। ৫৯৩ নম্বৰেৰে শীৰ্ষ স্থান দখল কৰিছে অনুৰাগ দলৈয়ে। প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ অনুৰাগ দলৈ।



দ্বিতীয় স্থান লাভ কৰিছে বিশ্বনাথ চাৰিআলিৰ ঝৰ্ণা শইকীয়াই। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ঝৰ্ণা শইকীয়াই লাভ কৰিছে ৫৯০ নম্বৰ।
তৃতীয় স্থান লাভ কৰিছে ৩ গৰাকীকৈ শিক্ষাৰ্থীয়ে।  মাজুলীৰ মানস প্ৰতীম শইকীয়া, বৰপেটাৰ বেদান্ত চৌধুৰী, নগাঁৱৰ দেৱাশ্ৰী কাশ্যপ। তিনিও গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে ৫৮৮ নম্বৰ।



ৰাজ্যত মুঠ উত্তীৰ্ণ হৈছে ৭৫.৭ শতাংশ। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১লাখ ৫ হাজাৰ ৮৭৩ গৰাকী শিক্ষাৰ্থী । দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১ লাখ ৫০ হাজাৰ ৭৬৪ গৰাকী  আৰু তৃতীয় বিভাগত ৬০,৬৮০ গৰাকী উত্তীৰ্ণ । 




 


Related

TWITTER

FACEBOOK