১৬ জানুৱাৰী ২০২৫- আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা
আজিৰে পৰা আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা। পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ মিলনভূমি ঐতিহাসিক জোনবিলৰ পাৰত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই মেলা। দেওশাল থানত পূজা-অর্চনাৰ পিচতেই আৰম্ভ হোৱা জোনবিল মেলা উজলি উঠিব বিনিময় প্ৰথাৰে। কাৰণ জোনবিলৰ পাৰত কাইলৈ চলিব বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথা। অৰ্থাত জোনবিলৰ পাৰত কাইলৈ অচল হৈ পৰিব টকা-পইচা।
শুকুৰবাৰে অনুষ্ঠিত হ'ব লগীয়া পাহাৰ ভৈয়ামৰ বিনিময় প্ৰথাৰ হাটত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি জোনবিল মেলালৈ আগমন ঘটিছে কাৰ্বি আংলং আৰু মেঘালয়ৰ পৰা অহা মামা মামীসকলৰ । তেওঁ লোকে লগত লৈ আহিছে পাহাৰত উৎপাদিত আদা-হালধি, আলু, কচু, জালুক, জলকীয়া, লাও, কোমোৰাকে ধৰি নানান তৰহৰ খাদ্য সামগ্ৰী। মেলা থলীত খেৰ-বাঁহেৰে নিৰ্মাণ কৰা হৈছে তিৱা সকলৰ অন্যতম সংস্কৃতি ডেকা চাং,ৰভাঘৰ । মেলাৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা হ'ব তিৱাসকলৰ কৃষ্টি-সংস্কৃতি। অনুষ্ঠিত হ'ব কুঁকুৰা যুঁজ,ৰজাদিনীয়া জোনবিলত অনুষ্ঠিত হ'ব সমূহীয়া মাছ মৰা পৰ্বও। আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই জোনবিল মেলাত উপস্থিত থাকি গোভা ৰজাকে ধৰি মধ্য অসমৰ পৰম্পৰাগত ৰজাসকলক প্রদান কৰিলে ৰাজভাত্তা।