২১ জানুৱাৰী ২০২৫- গুৱাহাটীত চিনাক্ত প্ৰথমগৰাকী HMPV ভাইৰাছত আক্ৰান্ত ৰোগী
সমগ্ৰ বিশ্বতে বিধ্বংসী ৰূপ ধাৰণ কৰা ক'ভিদৰ পিছত চীনত HMPV নামৰ এবিধ নতুন ভাইৰাছৰ আৱিৰ্ভাৱ হৈছিল। ক'ভিদৰ সৈতে বেছিভাগ লক্ষণেই মিল থকা এই এই ভাইৰাছৰ সংক্ৰমণ হৈছিল ভাৰততো। এইবাৰ গুৱাহাটী মহানগৰীত চিনাক্ত হৈছে প্ৰথমগৰাকী HMPV আক্ৰান্ত ৰোগী। কাহ, জ্বৰ, চৰ্দিত আক্ৰান্ত হোৱা এগৰাকী মহিলা আক্ৰান্ত হৈছে এই ভাইৰাছত। গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি হোৱা ৭৫ বছৰীয়া এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে এই ভয়াৱহ ভাইৰাছ। মহিলাগৰাকীৰ লগতে মহিলাগৰাকীৰ স্বামীৰ দেহতো ধৰা পৰিছে একেই লক্ষণ। কিন্তু বৰ্তমানপৰ্যন্ত আহি পোৱা নাই মহিলাগৰাকীৰ স্বামীৰ HMPV ৰিপ’ৰ্ট। ইতিমধ্যে দুয়োজনকে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে হাস্পতাল কৰ্তৃপক্ষই। উল্লেখ্য যে ১১ জানুৱাৰীত ডিব্ৰুগড়ত চিনাক্ত হৈছিল অসমৰ প্ৰথমগৰাকী HMPVত আক্ৰান্ত ৰোগী। এটি ১০মহীয়া শিশুৰ দেহত ধৰা পৰিছিল এই HMPVৰ ভাইৰাছৰ অৱস্থিতি।