১৯ ফেব্ৰুৱাৰী ২০২৫- আজিৰে পৰা চেম্পিয়নছ ট্রফীৰ মহাৰণ
বহু অপেক্ষাৰ অন্তত আজিৰে পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। ২০১৭ চনৰ পিছত সুদীৰ্ঘ ৮ বছৰৰ অন্তত অনুষ্ঠিত হোৱা এইবাৰৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজক দেশ হৈছে পাকিস্তান। কিন্তু নিৰাপত্তাজনিত কাৰণত টীম ইণ্ডিয়াই পাকিস্তান নাযাও বুলি সিদ্ধান্ত স্পষ্ট কৰাৰ পিছতেই এইবাৰৰ চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব। হাইব্ৰিড মডেলত অধীনত টীম ইণ্ডিয়াৰ খেলসমুহ অনুষ্ঠিত হ'ব ডুবাইত।
আজি অনুষ্ঠিত প্ৰথমখন খেলত ডিফেণ্ডিং চেম্পিয়ন পাকিস্তানৰ মুখামুখি হ'ব নিউজিলেণ্ড দল। উদ্বোধনী মেচখন অনুষ্ঠিত হ'ব কৰাচীৰ নেশ্যনেল ষ্টেডিয়ামত। আনহাতে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ খেলসমূহ মুঠ ৪খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ষ্টেডিয়াম কেইখন হল পাকিস্তানৰ কৰাচীৰ নেশ্যনেল ষ্টেডিয়াম, লাহোৰৰ গাদ্দাফি ষ্টেডিয়াম, ৰাৱালপিণ্ডিৰ ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম আৰু ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম।
উল্লেখ্য যে চেম্পিয়নছ ট্ৰফী ২০২৫ত ৮টা দলে অংশগ্ৰহণ কৰিব। দলকেইটা হল ভাৰত, পাকিস্তান, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, বাংলাদেশ, আফগানিস্তান আৰু ইংলেণ্ড। এই ৮ টা দলক ২ টা গ্ৰুপত ভাগ কৰা হৈছে। গ্ৰুপ এত ভাৰত, পাকিস্তান, বাংলাদেশ আৰু নিউজিলেণ্ডৰ দলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, গ্ৰুপ বিত আছে আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা। গ্ৰুপ পৰ্যায়ত সকলো দলে নিজৰ গ্ৰুপৰ দলৰ সৈতে এখনকৈ খেল খেলিব আৰু তাৰ পিছত দুয়োটা গ্ৰুপৰ দুটাকৈ দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব।
২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে খেলি টীম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীৰ অভিযান আৰম্ভ কৰিব। আনহাতে ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ মহাৰণ। চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী-
১৯ ফেব্ৰুৱাৰী- পাকিস্তান বনাম নিউজিলেণ্ড
২০ ফেব্ৰুৱাৰী- ভাৰত বনাম বাংলাদেশ
২১ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা
২২ ফেব্ৰুৱাৰী- অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড
২৩ ফেব্ৰুৱাৰী- ভাৰত বনাম পাকিস্তান
২৪ ফেব্ৰুৱাৰী- বাংলাদেশ বনাম নিউজিলেণ্ড
২৫ ফেব্ৰুৱাৰী- অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা
২৬ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম ইংলেণ্ড
২৭ ফেব্ৰুৱাৰী- পাকিস্তান বনাম বাংলাদেশ
২৮ ফেব্ৰুৱাৰী-আফগানিস্তান বনাম অষ্ট্ৰেলিয়া
১ মাৰ্চ- দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড
২ মাৰ্চ- নিউজিলেণ্ড বনাম ভাৰত
৪ মাৰ্চ- ছেমিফাইনেল ১
৫ মাৰ্চ- ছেমিফাইনেল ২
ফাইনেল - ৯ মাৰ্চ, টিবিডি