ভোটগ্ৰহণৰ দিনটোতেই পৰাজয় স্বীকাৰ বিজেপি মন্ত্ৰীৰ

DY365
DY365
Published: May 7,2024 12:57 PM
DY365

Story highlights

ভোটগ্ৰহণৰ দিনটোতেই মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে স্বীকাৰ কৰিলে পৰাজয় কথা

৭ মে’২০২৪: ৰাজ্যত আজি সমাপ্ত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটগ্ৰহণৰ দিনটোতেই পৰাজয় স্বীকাৰ কৰিলে বিজেপিয়ে। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে স্বীকাৰ কৰিলে এই কথা। ধুবুৰীত বিজেপি পৰাস্ত হ’ব বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে।





মন্ত্ৰীগৰাকীৰ ভাষ্য – ‘খোলাখুলিকৈ কৈছো ধুবুৰীত আমি হাৰিম’। ‘পূৰ্বতকৈ ভোট পাব যদিও পৰাজয় হ’ব বিজেপিৰ’। বাকী ৩ সমষ্টিত বিপুল ভোটত জয়ী  বিজেপি হ’ব বুলিও মন্তব্য মন্ত্ৰী ৰণজিৎ দাসৰ।



ভোট দি উঠি ধুবুৰী সমষ্টিত পৰাজয়ৰ কথা স্বীকাৰ কৰিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।  পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও সাম্ভৱ্য জয়ৰ তালিকাত ধৰা নাছিল ধুবুৰীক। 
 


Related

TWITTER

FACEBOOK