নিষেধাজ্ঞা আতৰিব! পুনৰ আহি আছে TikTok

DY365
DY365
Published: January 20,2025 02:41 PM
DY365

Story highlights

নিষেধাজ্ঞা আতৰিব! পুনৰ আহি আছে TikTok

২০ জানুৱাৰী ২০২৫- নিষেধাজ্ঞা আতৰিব! পুনৰ আহি আছে TikTok
 পুনৰ আহি আছে TikTok।  নিষেধাজ্ঞা আতৰাই আমেৰিকাত পুনৰ আৰম্ভ হ'ব জনপ্ৰিয় ছ'চিয়েল মিডিয়া প্লেটফৰ্ম TikTok। উল্লেখ্য যে ফেডাৰেল আইন কাৰ্যকৰী হোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে TikTok এপটো আমেৰিকাত বন্ধ কৰি দিয়া হৈছিল। শেহতীয়াকৈ TikTok কৰ্তৃপক্ষই কয় যে, আমেৰিকাত  TikTokৰ সেৱা পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত প্ৰক্ৰিয়া চলি আছে।
আমেৰিকাত TikTok সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক ধন্যবাদ জনাইছে TikTok কৰ্তৃপক্ষই। TikTokয়ে কয় যে, ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পে শপত গ্ৰহণৰ পাছত এই সন্দৰ্ভত কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। গতিকে শীঘ্ৰেই পুনৰ আমেৰিকাৰ জনতাই ব্যৱহাৰ কৰিব পাৰিব টিকটক।



উল্লেখ্য যে, আজি ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতেই ট্ৰাম্পে টিকটক সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। খবৰ অনুসৰি চৰ্ত সাপেক্ষে ট্ৰাম্পে TikTok বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ট্ৰাম্পে বিচাৰিছে টিকটকৰ ৫০ শতাংশ বিনিয়োগকাৰী অমেৰিকান হওক। TikTokয়ে ট্ৰাম্পৰ এই চৰ্ত  মানি ললেই আমেৰিকাত পুনৰ আৰম্ভ হ'ব TikTok।


Related

TWITTER

FACEBOOK