বিশ্বৰ আটাইতকৈ দীঘল ১০টা ৰেলৱে সুৰংগ

DY365
DY365
Published: January 19,2025 08:55 PM
DY365

Story highlights

বিশ্বৰ আটাইতকৈ দীঘল ১০টা ৰেলৱে সুৰংগ

১৯ জানুৱাৰী ২০২৫- বিশ্বৰ আটাইতকৈ দীঘল ১০টা ৰেলৱে সুৰংগ



 বিশ্বৰ আটাইতকৈ দীঘল ৰেলৱে সুৰংগসমূহ অদূৰ ভৱিষ্যতে সলনি হ'ব, আগন্তুক সময়ত বৰ্তমানৰ কেইবাটাও ৰেলৱে সুৰংগৰ প্ৰকল্প সম্পূৰ্ণ হ'ব। কিন্তু আপুনি জানেনে বিশ্বৰ ১০টা আটাইতকৈ দীঘল ৰেলৱে সুৰংগ ক’ত আছে? আজি আমি আপোনালোকক কম বিশ্বৰ আটাইতকৈ দীঘল ১০টা ৰেলৱে সুৰংগৰ বিষয়ে-



ছুইজাৰলেণ্ডৰ গ'থাৰ্ড বেচ টানেল 
২০১৬ চনত মুকলি কৰা গ'থাৰ্ড বেচ টানেল হৈছে বিশ্বৰ আটাইতকৈ দীঘল ৰেলৱে সুৰংগ। ইয়াৰ দৈৰ্ঘ হৈছে ৫৭.০৯ কিলোমিটাৰ। এই সুৰংগটোৱে টিচিনো কেণ্টন আৰু ছুইজাৰলেণ্ডৰ বাকী অংশৰ লগতে উত্তৰ আৰু দক্ষিণ ইউৰোপৰ মাজতো দ্ৰুত সংযোগ প্ৰদান কৰে।
জাপানৰ ছেইকান সুৰংগ
৫৩.৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছেইকান সুৰংগ হৈছে এছিয়াৰ আটাইতকৈ দীঘল আৰু গভীৰ ৰেল সুৰংগ। ই চুগাৰু জলদ্বীপৰ তলত পাৰ হৈ জাপানৰ হোকাইডো আৰু হনছু দ্বীপপুঞ্জক সংযোগ কৰে। 
চেনেল টানেল
ফ্ৰান্স আৰু ব্ৰিটেইনক সংযোগ কৰা ৫০.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ চেনেল সুৰংগ হৈছে বিশ্বৰ আটাইতকৈ দীঘল সাগৰৰ তলৰ ৰেল সুৰংগ। ই ফ্ৰান্সৰ ক’কেলছক ব্ৰিটেইনৰ ফ’ল্কষ্টোনৰ সৈতে সংযোগ কৰে। 
দক্ষিণ কোৰিয়াৰ ইউলহিয়ন সুৰংগ 
দক্ষিণ কোৰিয়াৰ গ্যয়ংগি প্ৰদেশৰ ৫০.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলৱে সুৰংগ হৈছে ইউলহিয়ন সুৰংগ। ২০১৬ চনৰ ডিচেম্বৰ মাহত মুকলি কৰা এই সুৰংগটো সম্পূৰ্ণ হ’বলৈ ৫ বছৰতকৈও অধিক সময় লাগিছিল। এই সুৰংগটোৱে ৬১.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ চুচেঅ’ হাই-স্পীড ৰে’লৱেৰ সৰহভাগ গঠন কৰে, যিয়ে ছিউলৰ ছুচেঅ’ক দেশখনৰ ৰাজধানীৰ দক্ষিণে থকা পিয়ংটাইকৰ সৈতে সংযোগ কৰে।
চীনৰ ছংছান হ্ৰদৰ সুৰংগ
দক্ষিণ চীনৰ ডংগুয়ান–হুইঝৌ আন্তঃনগৰ ৰেলপথত জিয়াও ষ্টেচন আৰু চাংপিং ইষ্ট ষ্টেচনৰ মাজত ছংছান হ্ৰদৰ সুৰংগ অৱস্থিত, যাক গুৱাংহুই আন্তঃচহৰ ৰেলৱে বুলিও কোৱা হয়।মুঠ ৩৮.৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ই মূল চীনৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ৰেলৱে সুৰংগ। ২০১৩ চনত টুইন টিউব সুৰংগটোৰ নিৰ্মাণ আৰম্ভ হৈছিল আৰু ২০১৬ চনত সম্পূৰ্ণ হৈছিল, ২০১৭ চনৰ শেষৰ ফালে ছংছান হ্ৰদ সুৰংগৰ জৰিয়তে সেৱা আৰম্ভ কৰা হৈছিল।
ছুইজাৰলেণ্ডৰ লটচবাৰ্গ বেছ সুৰংগ
চুইজাৰলেণ্ডৰ লটচবাৰ্গ বেছ সুৰংগ হৈছে যাত্ৰীবাহী আৰু মালবাহী ৰেলৰ বাবে নিৰ্মিত ৩৪.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা সুৰংগ, যিটো সুৰংগই বাৰ্ন আৰু দক্ষিণ ইটালীৰ মাজত প্ৰত্যক্ষ সংযোগ স্থাপন কৰিছে। 
 চীনৰ নিউ গুয়ানজিয়াও সুৰংগ
নিউ গুয়ানজিয়াও সুৰংগ, যাক গুয়ান কক সুৰংগ বুলিও কোৱা হয়, উত্তৰ-পশ্চিম চীনৰ গুয়ানজিয়াও পৰ্বতৰ মাজেৰে পাৰ হৈ যোৱা কিংহাই–তিব্বত ৰেলপথৰ ২য় লাইনত ৩২.৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেল সুৰংগ। ই বিশ্বৰ আটাইতকৈ দীঘল মালভূমি ৰেলৱে সুৰংগ।
স্পেইনৰ গুয়াডাৰামা সুৰংগ
গুয়াডাৰামা সুৰংগ স্পেইনৰ আটাইতকৈ দীঘল ৰেল সুৰংগ ৷ ২৮.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটো পাঁচ বছৰ নিৰ্মাণৰ অন্তত ২০০৭ চনত মুকলি কৰা হৈছিল। এই সুৰংগটোৰ মাজত এটা জৰুৰীকালীন কক্ষও আছে য’ত ১২০০ লোকৰ বাবে ঠাই আছে।
চীনৰ পশ্চিম কিনলিং সুৰংগ
পশ্চিম কিনলিং সুৰংগ হৈছে উত্তৰ-পশ্চিম চীনৰ কুইনলিং, অন্যথা কিন পৰ্বতমালাৰ মাজেৰে কৰা এটা ৰেলৱে সুৰংগ। এই সুৰংগটো লানঝৌ–চংকিং ৰেলপথৰ অংশ আৰু পৰ্বতমালাৰ মাজেৰে যোৱা কেইবাটাও সুৰংগৰ ভিতৰত ই আটাইতকৈ দীঘল। ২০১৬ চনত মুকলি কৰা ২৮.২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডুৱেল ব’ৰ ৰেলৱে সুৰংগটো সম্পূৰ্ণ হ’বলৈ পাঁচ বছৰতকৈও অধিক সময় লাগিছিল।
চীনৰ টাইহাং সুৰংগ
২৭.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ টাইহাং সুৰংগটো উত্তৰ-মধ্য চীনৰ টাইহাং পৰ্বতমালাৰ মাজেৰে পাৰ হৈ গৈছে। দুবছৰ নিৰ্মাণৰ অন্তত ২০০৭ চনত সম্পূৰ্ণ হোৱা এই টুইন টিউব সুৰংগটো টাইহাং পৰ্বতমালা কাটি যোৱা শ্বিজিয়াঝুয়াং–টাইয়ুয়ান ৰেলপথৰ অংশ হিচাপে নিৰ্মাণ কৰা হৈছিল। এই সুৰংগটো টাইহাং পৰ্বতমালাৰ মূল শিখৰৰ মাজেৰে পাৰ হৈ যায়, যাক ইউ জিয়াও পৰ্বত বুলি জনা যায়।


Related

TWITTER

FACEBOOK