৪ জানুৱাৰী ২০২৫- ১৮ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া !
দেশৰ অধিকাংশ শিশুৱেই বৰ্তমান সময়ত সামাজিক মাধ্যম ব্যৱহাৰ কৰে। সামাজিক মাধ্যমৰ যেনেদৰে ইতিবাচক প্ৰভাৱ আছে ঠিক একেদৰেই সামাজিক মাধ্যমৰ কিছুমান বিষয়বস্তৱে শিশুসকলৰ ওপৰত নেতিবাচক প্ৰভাৱো পেলাব পাৰে। শিশুৰ ওপৰত পৰা নেতিবাচক প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়েই কেন্দ্ৰীয় চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। শীঘ্ৰেই ভাৰত চৰকাৰে ল’ব এক বৃহৎ সিদ্ধান্ত! চৰকাৰে বলৱৎ কৰিব এটা নতুন নিয়ম।এতিয়াৰ পৰা ১৮ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়াত একাউণ্ট খুলিবলৈ অভিভাৱকৰ অনুমতি ল’ব লাগিব। অৰ্থাত অভিভাৱকৰ অনুমতি অবিহনে শিশুসকলে ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব। ইতিমধ্যে ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই সন্দৰ্ভত খচৰা জাৰি কৰিছে। এই সন্দৰ্ভত জনসাধাৰণৰ পৰা আপত্তি-পৰামৰ্শ বিচাৰিছে চৰকাৰে। ১৮ ফেব্ৰুৱাৰীলৈকে এই সন্দৰ্ভত লাভ কৰা আপত্তিৰ ভিত্তিত পৰিৱৰ্তন কৰা হ’ব পাৰে। কিন্তু যদি কোনো আপত্তি নাহে তেন্তে এই নিয়ম চলি থাকিব।
উল্লেখ্য যে অষ্ট্ৰেলিয়াত শিশুৰ ক্ষেত্ৰত নিষিদ্ধ হৈছে ছচিয়েল মিডিয়া।ভাৰততো শিশুৰ বাবে এই নিয়ম বলৱৎ কৰাৰ দাবী কৰিছে জনতাই।