৫ জানুৱাৰী ২০২৫- WTCৰ ফাইনেলৰ পৰা বাহিৰ হ'ল টীম ইণ্ডিয়া
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ছিডনী টেষ্টত পৰাজয়ৰ লগে লগে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ'ল টীম ইণ্ডিয়া। ছিডনীত অনুষ্ঠিত শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্টত ৬ উইকেটত পৰাস্ত হোৱাৰ লগে লগে ছিন্নভিন্ন হৈ পৰিল টীম ইণ্ডিয়াৰ WTCৰ আশা। বেটছমেনৰ ধাৰাবাহিক ব্যৰ্থবাৰ বাবেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩-১ৰ ব্যৱধানত শৃংখলা হেৰুৱালে ভাৰতে।
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী জয়ৰ জৰিয়তে কেংগাৰু বাহিনীয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ ফাইনেলতো প্ৰৱেশ কৰিলে। চলিত বৰ্ষৰ ১১-১৫ জুনলৈ লৰ্ডছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মুখামুখি হ'ব অষ্ট্ৰেলিয়া। ইয়াৰ পুৰ্বে টীম ইণ্ডিয়াই একেৰাহে দুবাৰকৈ WTCৰ ফাইনেল খেলিছিল, য’ত নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল। কিন্তু ধাৰাবাহিকভাৱে তৃতীয়বাৰলৈ WTCৰ ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হ'ল টীম ইণ্ডিয়া। ।
উল্লেখ্য যে WTCৰ দৌৰত থাকিবলৈ হ’লে টীম ইণ্ডিয়াই যিকোনো মূল্যৰ বিনিময়ত বৰ্ডাৰ-গাভাস্কাৰ শৃংখলা জয়ী কৰিব লাগিছিল। অৰ্থাৎ এতিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়া অবিহনে ফাইনেল খেল অনুষ্ঠিত হ’ব।