৪ জানুৱাৰী ২০২৫- অৱসৰক লৈ বৃহৎ ঘোষণা ৰোহিত শৰ্মাৰ
টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিব নেকি অধিনায়ক ৰোহিত শৰ্মাই ? চলিত বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাই হ'ব নেকি ৰোহিত শৰ্মাৰ টেষ্ট কেৰিয়াৰৰ অন্তিমটো শৃংখলা? বিগত কেইবাদিনো ধৰি সংবাদমাধ্যমত ৰোহিত শৰ্মাক লৈ অৱসৰৰ বাতৰি চলি থকাৰ মাজতেই অৱশেষত মৌনতা ভংগ কৰিলে অধিনায়কগৰাকীয়ে। ছিডনী টেষ্টৰ মাজতেই ধাৰাভাষ্যকাৰৰ প্ৰশ্ন উত্তৰত ৰোহিত শৰ্মাই অৱসৰ গ্ৰহণ নকৰো বুলি স্পষ্ট কৰি দি কলে- 'এই মুহূৰ্তত মই অৱসৰ লোৱাৰ কথা ভবা নাই। মই পুনৰ টেষ্ট দললৈ প্ৰত্যাৱৰ্তন কৰিম'। আলোচকক প্ৰত্যুত্তৰ দি ৰোহিত শৰ্মাই কলে- 'মাইকত কথা কয় আৰু লেপটপ, কলম- কাগজ লৈ বহি থকা মানুহে মোৰ কেৰিয়াৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে'। ২০০৭ চনৰ পৰা মই ভাৰতৰ হৈ খেলি আহিছো। ক্ৰিকেট কেৰিয়াৰত সকলোৰে উত্থান পতন থাকেই। মই কেতিয়া অৱসৰ লম এই সিদ্ধান্ত আন কোনোবাই ল'ব নোৱাৰে। কেৱল দুৰ্বল ফৰ্মৰ বাবেই মই টেষ্ট চিডনী টেষ্টৰ পৰা আঁতৰি আছো। মই পুনৰ দললৈ প্ৰত্যাৱৰ্তন কৰিম।
উল্লেখ্য যে চলিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ৰোহিত শৰ্মাই পাঁচটা ইনিংছত মাত্ৰ ৩১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতেই ৰোহিত শৰ্মাৰ অৱসৰক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। আনহাতে ছিডনী টেষ্টত ৰোহিত শৰ্মাৰ বিপৰীতে টীম ইণ্ডিয়াক নেতৃত্ব দিছে উপ-অধিনায়ক যশপ্ৰীত বুমৰাহে।