কোহলীয়ে নহয়, ৰজত পাটিদাৰে নেতৃত্ব দিব RCBক

DY365
DY365
Published: February 13,2025 01:09 PM
DY365

Story highlights

কোহলীয়ে নহয়, ৰজত পাটিদাৰে নেতৃত্ব দিব RCBক

১৩ ফেব্ৰুৱাৰী ২০২৫- কোহলীয়ে নহয়, ৰজত পাটিদাৰে নেতৃত্ব দিব RCBক  



অৱশেষত জল্পনা-কল্পনাৰ অন্ত পৰিল। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে ঘোষণা কৰিলে দলটোৰ নতুন অধিনায়কৰ নাম । ফ্ৰেঞ্চাইজিটোৱে আইপিএল ২০২৫ৰ বাবে অধিনায়ক হিচাপে নিযুক্তি দিছে ৰজত পাটিদাৰক। ছ’চিয়েল মিডিয়াত বিৰাট কোহলীয়ে পুনৰ আৰ চি বিৰ অধিনায়কত্ব ল'ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল যদিও ১৭ বছৰে ট্ৰফীৰ বাবে অপেক্ষা কৰি থকা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে ৰজত পাটিদাৰক আৰ চি বিৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিছে। 



 এক ইভেণ্টৰ জৰিয়তে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে নতুন অধিনায়কৰ নাম ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন খেলুৱৈ ফাফ ডু প্লেছিছ যোৱা দুবছৰ ধৰি দলটোৰ অধিনায়ক আছিল যদিও এই বছৰ ফ্ৰেঞ্চাইজিয়ে তেওঁক মেগা নিলামত দলৰ পৰা মুকলি কৰি দিয়ে। ইয়াৰ পিছত ২০২৫ চনৰ আই পি এলত আৰ চি বিৰ অধিনায়কত্ব কোনে ল’ব ইয়াকে লৈ অনুৰাগীৰ মাজতো উত্তেজনাৰ সৃষ্টি হৈছিল। ফ্ৰেঞ্চাইজিয়ে পুনৰবাৰ এই দায়িত্ব বিৰাট কোহলীৰ ওপৰত ন্যস্ত কৰিব বুলি অনুৰাগীয়ে আশা কৰিছিল যদিও টীম মেনেজমেণ্টে ৰজত পাটিদাৰক অধিনায়ক হিচাপে নিযুক্তি দিছে। 



আৰচিবিৰ হৈ এই পৰ্যন্ত ২৭খন মেচ খেলি ১৫৮.৮৫ ষ্ট্ৰাইক ৰেটেৰে ৭৯৯ ৰান সংগ্ৰহ কৰিছে ৰজত পাটিদাৰে। আইপিএল ২০২৫ৰ বাবে ১১ কোটি টকাৰ বিনিময়ত পাটিদাৰক ফ্ৰেঞ্চাইজিয়ে ধৰি ৰাখিছিল। শেহতীয়াকৈ সমাপ্ত হোৱা ঘৰুৱা টি-২০ প্ৰতিযোগিতা চৈয়দ মুস্তাক আলী ট্ৰফীত মধ্যপ্ৰদেশৰ অধিনায়কত্ব কৰি ৰজত পাটিদাৰে দুৰ্দান্ত বেটিং প্ৰদৰ্শনেৰে মধ্যপ্ৰদেশক ফাইনেললৈ লৈ গৈছিল।


TWITTER

FACEBOOK