৫ জানুৱাৰী ২০২৫- শৰীৰৰ এই ৫ টা স্থানত বিষ হোৱাটো হাৰ্ট এটেকৰ লক্ষণ
হাৰ্ট এটেক এতিয়া এক চাইলেণ্ট কিলাৰত পৰিণত হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতি বছৰে বিশ্বজুৰি ১ কোটি ৭৯ লাখ লোকে হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। অধ্যয়নত দেখা গৈছে যে প্ৰতি পাঁচজন ব্যক্তিৰ ভিতৰত ৪ জনৰ হাৰ্ট এটেকৰ ফলত মৃত্যু হয়। চিকিৎসা বিশেষজ্ঞসকলৰ মতে হৃদযন্ত্ৰৰ ৰক্তবাহী নলীত ৰক্ত সঞ্চালন বন্ধ হৈ পৰা, ৰক্তবাহী নলী বন্ধ হৈ পৰা, যোগান ধৰিব নোৱাৰাৰ বাবে হাৰ্ট এটেক হয়। কিন্তু প্ৰকৃততে হাৰ্ট এটেক হোৱাৰ আগতে আমাৰ শৰীৰে কিছু সংকেত দিয়ে। সময়ত সেইবোৰ ধৰা পেলাই আপুনি আপোনাৰ জীৱন ৰক্ষা কৰিব পাৰে।
মনত ৰাখিব যদি আপুনি শৰীৰৰ কোনো অংশত কোনো কাৰণ নোহোৱাকৈ বিষ বা অস্বস্তি অনুভৱ কৰে তেন্তে ই হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে।
হাৰ্ট এটেকৰ পূৰ্বে আমাৰ শৰীৰে দিয়ে এইসমূহ সংকেত-
বুকুৰ বিষ- হাৰ্ট এটেকৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল বুকুৰ বিষ বা চাপ। এই বিষ হঠাতে আৰম্ভ হৈ অবিৰতভাৱে চলি থাকিব পাৰে। এই চাপটো বুকুত গধুৰ ওজনৰ দৰে অনুভৱ হয়। ইয়াক কেতিয়াও আওকাণ কৰা উচিত নহয়।
কান্ধ, ডিঙি বা কঁকালৰ বিষ-কান্ধ, ডিঙি বা পিঠিত বিষ হোৱাটোও হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে। বিশেষকৈ যদি এই বিষৰ লগত বুকুৰ বিষ হয় তেন্তে ইয়াক গুৰুত্বসহকাৰে ল’ব লাগে। এই বিষ এঠাইৰ পৰা আন ঠাইলৈ বিয়পি পৰে।
বাওঁহাতৰ বিষ-বিশেষকৈ বাওঁহাতত বিষ হোৱাটো হাৰ্ট এটেকৰ এটা সাধাৰণ লক্ষণ। এই বিষ হঠাতে আৰম্ভ হয় আৰু তীব্ৰ হয়। কেতিয়াবা এই বিষটো মৃদু বা বিৰক্তিকৰ হয়। কিন্তু দীৰ্ঘদিন ধৰি থাকিলে আওকাণ নকৰিব।
দাঁতৰ বিষ- হাৰ্ট এটেকৰ লক্ষণৰ ভিতৰত দাঁতৰ বিষো থাকিব পাৰে। এই বিষ গাল, মুখৰ ওপৰৰ অংশলৈ বিয়পি পৰে।
উশাহ লোৱাত কষ্ট পোৱা- ভাগৰুৱা অনুভৱ, উশাহ-নিশাহত কষ্ট পোৱাটোও হাৰ্ট এটেকৰ লক্ষণ। বহুতে এই লক্ষণবোৰক স্বাভাৱিক ভাগৰ বুলি ভুল কৰে। কিন্তু এই লক্ষণবোৰ যদি দীৰ্ঘদিন ধৰি থাকে তেন্তে ই বিপদৰ লক্ষণ হ'ব পাৰে।