ডিমা হাছাওৰ ডিটেকচৰাত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন যাত্ৰী

DY365
DY365
Published: May 2,2024 12:16 PM
DY365

Story highlights

ডিমা হাছাওৰ ডিটেকচৰাত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰিল নৈশ বাছ। দুৰ্ঘটনাত আহত হয় বাছখনৰ ৩০ জন যাত্ৰী।

২ মে’, ২০২৪ঃ ডিমা হাছাওৰ ডিটেকচৰাত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰিল নৈশ বাছ। গুৱাহাটীৰ পৰা ত্ৰিপুৰা অভিমুখী আছিল নৈশ বাছখন। দুৰ্ঘটনাত থিতাতে নিহত এজন যাত্ৰী।



 থিতাতে নিহত লোকজনৰ নাম দেৱৰাজ দেৱবৰ্মন। নিহত দেৱৰাজৰ ঘৰ ত্ৰিপুৰাৰ ধলাই জিলাত।



দুৰ্ঘটনাত আহত হয় বাছখনৰ আন ৩০ জন যাত্ৰী। ইয়াৰে ৬জনৰ অৱস্থা সংকটজনক। সংকটজনক আহতসকলক SMCHলৈ প্ৰেৰণ কৰা হৈছে।



বাকী আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ পথৰ দুৰৱস্থাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা।


Related

TWITTER

FACEBOOK