শিলচৰৰ শ্ৰীকোনা ডেইলি বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১

DY365
DY365
Published: May 5,2024 06:03 PM
DY365

Story highlights

শিলচৰৰ শ্ৰীকোনা ডেইলি বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। শিলচৰ কৰিমগঞ্জ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা। থিতাতে নিহত হয় এজন লোক।

৫ মে’, ২০২৪ঃ শিলচৰৰ শ্ৰীকোনা ডেইলি বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। শিলচৰ কৰিমগঞ্জ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা। থিতাতে নিহত হয় এজন লোক।



নিহত লোকজন মৃণাল কান্তি পাল। বলেৰ’ আৰু স্কুটীৰ মাজত সংঘটিত হৈছিল দুৰ্ঘটনা।



AS 03 AJ 3213 নম্বৰৰ বলেৰ’ বাহনে খুন্দা মাৰিছিল AS 11 Z 5542 নম্বৰৰ স্কুটিখনত। নিহত হোৱা স্কুটী আৰোহী মৃণাল কান্তি পালৰ ঘৰ শিলচৰৰ কুমাৰপাৰা গাঁৱত।



বলেৰ’ বাহনখনে স্কুটীত খুন্দা মাৰি ৰাজপথতেই বাগৰি পৰে। নিহত মৃণাল কান্তি পাল Flipcartত কৰ্মৰত আছিল।




 


Related

TWITTER

FACEBOOK