১৬ ফেব্ৰুৱাৰী ২০২৫- গুৱাহাটীলৈ MS Dhoni! ৩০ মাৰ্চত বৰ্ষাপাৰাত চেন্নাই বনাম ৰাজস্থানৰ খেল
২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব বিশ্বৰ আটাইতকৈ বৃহত আৰু জনপ্ৰিয় লীগ আই পি এল (IPL) । আই পি এল ২০২৫ ছিজনৰ উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেন ষ্টেডিয়ামত। আই পি এল ২০২৪ বিজয়ী দল কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন খেল । আই পি এল ২০২৫ত ১৩টাকৈ স্থানত ১০টা দলৰ মাজত মুঠ ৭৪খন খেল অনুষ্ঠিত হ’ব য’ত ১২খনকৈ ডাবল হেডাৰ আছে।
আনহাতে প্ৰতিযোগিতাখনত ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ হ’ব গুৱাহাটী, আনহাতে পঞ্জাব কিংছৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ হ’ব ধৰ্মশালা। দিল্লী কেপিটেলছৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ হৈছে বিশাখাপট্টনম। ২০২৫ চনৰ আই পি এলত বিয়লিৰ খেল বিয়লি ৩:৩০ বজাত আৰু সন্ধিয়াৰ খেল সন্ধিয়া ৭:৩০ বজাত অনুষ্ঠিত হ’ব।
আনহাতে ২০ মে’ত অনুষ্ঠিত হ’ব আই পি এলৰ প্ৰথমখন কোৱালিফায়াৰ। ২১ মে’ত অনুষ্ঠিত হ’ব এলিমিনেটৰ। এই দুয়োখন খেল হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। আনহাতে ২৩ মে’ত কলকাতাৰ ইডেন গাৰ্ডেনছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দ্বিতীয়খন কোৱালিফায়াৰ। ইয়াৰ পিছতেই ২৫ মে’ত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব IPL 2025ৰ ফাইনেল খেলখন।
উল্লেখ্য যে ২০০৮ চনত আৰম্ভ হোৱা আই পি এলত এইপৰ্যন্ত ১৬টা ছিজন খেলা হৈছে। IPL ইতিহাসৰ আটাইতকৈ সফল দলসমূহৰ ভিতৰত শীৰ্ষত আছে চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। দুয়োটা দলে এতিয়ালৈকে পাঁচবাৰকৈ আই পি এলৰ খিতাপ দখল কৰিছে। আনহাতে কলকাতা নাইট ৰাইডাৰ্ছে ৩ বাৰ আই পি এল ট্ৰফী লাভ কৰিছে। ৰাজস্থান ৰয়েলছ, ডেকান চাৰ্জাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ দলেও এবাৰকৈ চেম্পিয়ন হ’বলৈ সক্ষম হৈছে।