পুনৰ ব্যৰ্থ কোহলী, ছিডনীত বেটিং বিপৰ্যয় টীম ইণ্ডিয়াৰ

DY365
DY365
Published: January 3,2025 10:46 PM
DY365

Story highlights

পুনৰ ব্যৰ্থ কোহলী, ছিডনীত বেটিং বিপৰ্যয় টীম ইণ্ডিয়াৰ

 



৩ জানুৱাৰী ২০২৫- পুনৰ ব্যৰ্থ কোহলী, ছিডনীত বেটিং বিপৰ্যয় টীম ইণ্ডিয়াৰ
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত বেটিং বিপৰ্যয় অব্যাহত আছে টীম ইণ্ডিয়াৰ। ছিডনীত আজিৰে পৰা আৰম্ভ হোৱা শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্টত টছত জয়ী হৈ বেটিং কৰিবলৈ অহা টীম ইণ্ডিয়াই বেটিং ব্যৰ্থতাৰ সম্মুখীন হৈ ১৮৫ ৰাণত ইনিংছ সামৰে। ঋষভ পণ্টে সৰ্বাধিক ৪০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৰবীন্দ্ৰ জাদেজাই ২৬ আৰু অধিনায়ক বুমৰাহে ২২ ৰাণৰ অৱদান আগবঢ়ায়। প্ৰত্যুত্তৰত দিনান্তৰ অন্তত অষ্ট্ৰেলিয়াই ১টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৯ ৰাণ। হাতত ৯টা উইকেট বাকী থকা অৱস্থাত অষ্ট্ৰেলিয়াই ১৭৬ ৰাণত পিছপৰি আছে। 
উল্লেখ্য যে ধাৰাবাহিক ব্যৰ্থতাৰ পিছত অৱশেষত ছিডনী টেষ্টৰ মূল একাদশৰ পৰা নিজকে আতৰাই ৰাখি বিশ্ৰাম ললে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই। ৰোহিত শৰ্মাৰ ঠাইত টীম ইণ্ডিয়াত নেতৃত্ব দিছে উপ অধিনায়ক যশপ্ৰীত বুমৰাহে। আনহাতে ব্যৰ্থতাৰ ধাৰা অব্যাহত আছে বিৰাট কোহলীৰো। ছিডনীত আজিৰে পৰা আৰম্ভ হোৱা অন্তিমখন টেষ্টৰ প্ৰথম ইনিংছত ১৭ ৰাণ সংগ্ৰহ কৰিয়েই পেভিলিয়নলৈ উভতে বিৰাট কোহলী। এই পৰ্যন্ত বিৰাট কোহলীয়ে ৮টা ইনিংছত এটা শতকৰ সহায়ত সংগ্ৰহ কৰিছে মাত্ৰ ১৮৪ ৰাণ। ছিডনীত প্ৰথম ইনিংছত ব্যৰ্থতাৰ পিছতেই বিৰাট কোহলীৰ মূল একাদশক স্থান লাভক লৈও এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে।


TWITTER

FACEBOOK