য়েমেনত মৃত্যুদণ্ডৰ শাস্তি কেৰালাৰ নিমিছা প্ৰিয়াক

DY365
DY365
Published: December 31,2024 08:17 PM
DY365

Story highlights

য়েমেনত মৃত্যুদণ্ডৰ শাস্তি কেৰালাৰ নিমিছা প্ৰিয়াক

৩১ ডিচেম্বৰ,২০২৪-  য়েমেনত মৃত্যুদণ্ডৰ শাস্তি কেৰালাৰ নিমিছা প্ৰিয়াক
য়েমেনত নাৰ্ছ হিচাপে কৰ্মৰত কেৰালাৰ নিমিছা প্ৰিয়া নামৰ এজনী যুৱতীক হত্যাৰ অভিযোগত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। সোমবাৰে য়েমেনৰ ৰাষ্ট্ৰপতি ৰাছাদ আল আলিমীয়ে নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ অনুমোদন জনাইছে। প্ৰাপ্য খবৰ অনুসৰি এমাহৰ ভিতৰতেই নিমিছাক ফাঁচী দিয়াৰ সম্ভাৱনা আছে।
 য়েমেনৰ নাগৰিক তালাল আব্দো মাহদীক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱা নিমিছা প্ৰিয়া ২০১৭ চনৰ পৰা কাৰাগাৰত আছিল আৰু ২০১৮ চনত য়েমেনৰ বিচাৰ আদালতে নিমিছাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল আৰু তেতিয়াৰ পৰাই  নিমিছাৰ পৰিয়ালে নিমিছাৰ মুক্তিৰ বাবে যুঁজি আহিছিল। নিমিছা প্ৰিয়াৰ মুক্তি নিশ্চিত কৰিবলৈ য়েমেনৰ শ্বৰীয়ত আইন অনুসৰি স্বীকৃতিপ্ৰাপ্ত ক্ষতিপূৰণৰ ব্যৱস্থা “ব্লাড মানি” চুক্তিৰ বাবে পৰিয়ালে বিচাৰিছে।
২০১১ চনত নিমিছা প্ৰিয়াই য়েমেনলৈ যাত্ৰা কৰিছিল আৰু তেতিয়া নিমিছাই ৰাজধানী চহৰ ছানা’ত নাৰ্ছ হিচাপে কাম কৰিবলৈ লৈছিল। আৰ্থিক অসুবিধাৰ বাবে নিমিছাৰ স্বামী আৰু কণমানি কন্যাই ২০১৪ চনত ভাৰতলৈ উভতি আহিছিল। কিন্তু প্ৰিয়া য়েমেনতে থাকিল, য’ত তেওঁ মাহদিৰ নামৰ এজন যুৱকৰ সৈতে অংশীদাৰিত্ব কৰি ক্লিনিক খুলি উপাৰ্জন কৰিবলৈ লৈছিল। কিন্তু ইয়াৰ পিছতেই মাহদিয়ে ড্ৰাগছ ব্যৱহাৰ কৰি নিমিছাক শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰিছিল, নিমিছাৰ পাছপ’ৰ্ট জব্দ কৰিছিল আৰু ক্লিনিকৰ পৰা ধন দাবী কৰিছিল। ইয়াৰ পিছতেই নিমিছাই মাহদীক অতিমাত্ৰা ড্ৰাগছ খুৱাই মাহদীয়ে জব্দ কৰা পাছপ’ৰ্টটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। যাৰ ফলত অতিমাত্ৰা ড্ৰাগছৰ সেৱনৰ ফলত মাহদিৰ মৃত্যু হয়। ইয়াৰ পিছতেই নিমিছা প্ৰিয়াক গ্ৰেপ্তাৰ কৰা হয় আৰু পৰৱৰ্তী সময়ত দোষী সাব্যস্ত কৰা হয়।
য়েমেনৰ ৰাষ্ট্ৰপতিয়ে নিমিছা প্ৰিয়াক মৃত্যুদণ্ডৰ অনুমোদন জনোৱাৰ পিছতেই ভাৰতত এই গোচৰটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। ভাৰতে চৰকাৰে নিমিছাক সহায়ৰ বাবে সকলো বিকল্পৰ সন্ধান কৰিবলৈ সমৰ্থন আগবঢ়াইছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে য়েমেনত নিমিছা প্ৰিয়াক শাস্তি দিয়াৰ বিষয়ে চৰকাৰ সচেতন।“আমি বুজি পাওঁ যে প্ৰিয়াৰ পৰিয়ালে প্ৰাসংগিক বিকল্পৰ সন্ধান কৰি আছে। এই বিষয়ত চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে।


TWITTER

FACEBOOK