৩ জানুৱাৰী ২০২৫- ভাৰতৰ চুবুৰীয়া দেশ, য'ত মুছলমান আছে মছজিদ নাই
সমগ্ৰ বিশ্বতে ইছলাম অনুসৰণ কৰা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। খবৰ অনুসৰি ২০৫০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে খ্ৰীষ্টানতকৈ মুছলমান জনসংখ্যা অধিক হ’ব। আমেৰিকা, ব্ৰিটেইনকে ধৰি বহু দেশৰ লোকে ইতিমধ্যেই দ্ৰুতগতিত ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। যাৰ বাবে বিশ্বাস কৰা হয় যে ৩০ বছৰৰ পিছত ইছলাম অনুসৰণ কৰা লোকৰ সংখ্যা সৰ্বাধিক হ’ব।
কিন্তু আজি আমি আপোনালোকক ক'ম ভাৰতৰ চুবুৰীয়া এখন দেশৰ কথা, য'ত এটাও মছজিদ নাই।আপুনি শুনি আচৰিত হলেও এই দেশখনৰ নাম হৈছে ভূটান।ভূটানৰ চৰকাৰী আৰু প্ৰধান ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম। ভূটানে এই ধৰ্মক সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্য হিচাপে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে। ভূটানৰ মুঠ জনসংখ্যা ৭.৫ লাখ, ইয়াৰে প্ৰায় ৫ৰ পৰা ৭ হাজাৰ মুছলমান জনসংখ্যা। ইয়াৰ জনসংখ্যাৰ এক চতুৰ্থাংশ হিন্দু, খ্ৰীষ্টান আৰু ইছলাম। ইয়াৰ মুঠ জনসংখ্যাৰ ভিতৰত ৭৫ শতাংশই বৌদ্ধ ধৰ্মৰ অনুগামী। একে সময়তে মুঠ জনসংখ্যাৰ ২২.৬ শতাংশ হিন্দু।
ভূটানত সৰ্বাধিক বৌদ্ধ আৰু হিন্দু জনসংখ্যাৰ বাবে ভূটানত বৌদ্ধ মন্দিৰ আৰু মঠৰ লগতে হিন্দু মন্দিৰ আছে। কিন্তু ইয়াত এটাও মছজিদ নাই। আপোনালোকক কওঁ যে ভূটান বিশ্বৰ তৃতীয়খন দেশ আৰু ভাৰতৰ একমাত্ৰ চুবুৰীয়া দেশ, য’ত এটাও মছজিদ নাই। ভূটানৰ বাহিৰেও মনাকো আৰু শ্লোভাকিয়াতো মছজিদ নাই।