১৯ এপ্ৰিল, ২০২৪ঃ ৰাজ্যত পুনৰ সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত পতিত শিক্ষাৰ্থী কঢ়িওৱা বাহন। স্কুলৰ বাহনত বায়ু সেনাত কৰ্মৰত লোকৰ বাহনৰ খুন্দা।
দুৰ্ঘটনাত চালকজনে থিতাতে হেৰুৱালে প্ৰাণ। ৮গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। থিতাতে নিহত স্কুল বাহনৰ চালকজন ভাস্কৰ কুমাৰ।
আহত ছাত্ৰ-ছাত্ৰীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাত পতিত স্কুল বাহনৰ নম্বৰ AS-01-BB- 2102 আৰু আনখন 23 BH 5027 A।
বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বুল্লালত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।