'হোলী'ৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি বিপদত ফাৰাহ খান!

DY365
DY365
Published: February 22,2025 08:02 PM
DY365

Story highlights

'হোলী'ৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি বিপদত ফাৰাহ খান!

২২ ফেব্ৰুৱাৰী ২০২৫-  'হোলী'ৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি বিপদত ফাৰাহ খান!



বলীউডৰ পৰিচালক তথা নৃত্য পৰিচালক ফাৰাহ খানৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ দাখিল কৰা হৈছে। ইউটিউবাৰ বিকাশ পাঠক ওৰফে হিন্দুস্তানী ভাউৱে চেলিব্ৰিটি মাষ্টাৰচেফ নামৰ শ্ব’টোত হোলী উৎসৱ সন্দৰ্ভত ফাৰাহ খানৰ বক্তব্যক আপত্তি কৰি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ২০ ফেব্ৰুৱাৰীত প্ৰচাৰিত খণ্ডটোত ফাৰাহ খানে হোলীক ‘ছাপৰি কা তৌহাৰ’ বুলি মন্তব্য কৰিছিল। এই বিবৃতিৰ পিছতেই হিন্দুস্তানী ভাউৰ এজাহাৰৰ ভিত্তিত ফাৰাহ খানৰ বিৰুদ্ধে শুকুৰবাৰে খাৰ থানাত এফআইআৰ দাখিল কৰা হয়।



অভিযোগত কোৱা হৈছে যে ফাৰাহ খান বলীউডৰ এগৰাকী বিখ্যাত আৰু সন্মানীয় পৰিচালক। হোলী উৎসৱ সন্দৰ্ভত তেওঁৰ বক্তব্য আপত্তিজনক আৰু অপমানজনক। আমি এই অভিযোগৰ জৰিয়তে ন্যায় বিচাৰিছো। আইনৰ ভিত্তিত আমাক ন্যায় দিয়া উচিত আৰু আপত্তিজনক বক্তব্য দিয়াৰ বাবে ফাৰা খানৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত। ফাৰাহ খানে দিয়া বক্তব্যই হিন্দুসকলৰ আৱেগক আঘাত কৰিছে। হোলীৰ দৰে পবিত্ৰ উৎসৱত অংশগ্ৰহণ কৰাসকলক "চাপৰি" বুলি কোৱাটো আপত্তিজনক। "এই বক্তব্যই ধৰ্মীয় বিভাজনৰ সৃষ্টি কৰিব পাৰে।"ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত এই বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও অভিযোগত উল্লেখ আছে। জানিব পৰা মতে ফাৰাহ খানৰ বিৰুদ্ধে বিভিন্ন ধাৰাত এফআইআৰ দাখিল কৰা হৈছে।


Related

TWITTER

FACEBOOK