উৰুখা পঁজাৰ পৰাই সপোন বাস্তৱ কৰিলে ইলিয়াছ হুছেইনে

DY365
DY365
Published: January 20,2025 02:52 PM
DY365

Story highlights

উৰুখা পঁজাৰ পৰাই সপোন বাস্তৱ কৰিলে ইলিয়াছ হুছেইনে

 ২০ জানুৱাৰী ২০২৫- উৰুখা পঁজাৰ পৰাই সপোন বাস্তৱ কৰিলে ইলিয়াছ হুছেইনে



অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ইলিয়াছ হুছেইন আনছাৰীয়ে। বঙাইগাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ইলিয়াছ হুছেইন আনছাৰীয়ে লণ্ডনত লাভ কৰিছে  স্থায়ী চাকৰি। উৰুখা পঁজাৰ পৰা আৰু অসমীয়া মাধ্যমত অধ্যয়ন কৰি লণ্ডনত পেৰালিগেল অফিচাৰ হিচাপে চাকৰি লাভ কৰা  মেধাৱী ছাত্ৰ আনছাৰীৰ সফলতাত এতিয়া গৌৰৱান্বিত হৈ পৰিছে ৰাজ্যবাসী। 
অতি মেধাৱী হোৱাৰ বাবেই দৰিদ্ৰ পৰিয়ালৰ সন্তান ইলিয়াছ হুছেইনৰ পঢ়া-শুনাৰ সকলো দায়িত্ব গৈছিল আজমল ফাউণ্ডেচনে। চাকলাত অসমীয়া মাধ্যমত পঢ়া-শুনা কৰি লণ্ডনত বেৰিষ্টাৰ পঢ়িবলৈ যোৱা ইলিয়াছে এতিয়া লণ্ডনৰ Barristers & Solicitors Legal Firmত পেৰালিগেল অফিচাৰ হিচাপে যোগদান কৰিব। ভাৰতীয় টকাৰ হিচাপত ইলিয়াছে বছৰি লাভ কৰিব ৩৭ লাখ টকা দৰমহা। ২৩ জানুৱাৰীত পেৰালিগেল অফিচাৰ হিচাপে চাকৰিত যোগদান কৰিব ইলিয়াছে। ইলিয়াছৰ এই সফলতাত পিতৃ হাবিবুল্লাহ হুছেইনৰ চকুতো দেখিবলৈ পোৱা গৈছে আনন্দৰ চকুলো।


Related

TWITTER

FACEBOOK