১২ জানুৱাৰী ২০২৫- শৰীৰৰ ভিন্ন ৰোগ প্ৰতিৰোধ কৰিবলৈ দৈনিক খাওক তুলসী পাত
শীতকালত আমাৰ শৰীৰত বহু স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে । শীতৰ এই বতৰত মানুহে প্ৰায়ে চৰ্দি,কাহ আদি বিভিন্ন ৰোগৰ সন্মুখীন হয়। এনে পৰিস্থিতিত যদি আপুনি দৈনন্দিন জীৱনৰ খাদ্য় তালিকাত তুলসীৰ পাত অন্তৰ্ভুক্ত কৰে, তেন্তে সেয়া আপোনাৰ স্বাস্থ্যৰ বাবে এক আশীৰ্বাদতকৈ কম নহয়।
কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই তুলসী গুৰুত্বপূৰ্ণ নহয়, দৈনিক তুলসী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু স্বাস্থ্যৰ বাবে ই বহু উপকাৰী। বিশেষকৈ শীতকালত তুলসী সেৱন কৰিলে আপোনাৰ শৰীৰটো ভিতৰতো শক্তিশালী আৰু সুস্থ হৈ থাকে। জানো আহক শীতকালত দৈনিক তুলসীৰ পাত খালে কি কি লাভ হয়?
তুলসীৰ পাত খোৱাৰ উপকাৰিতা-
১/ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা
তুলসীৰ পাতত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু জিংক থাকে। সেয়েহে তুলসীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। শীতকালত ই ঠাণ্ডা আৰু ডিঙিৰ বিষৰ দৰে সমস্যাৰ পৰা ৰক্ষা কৰে।
২/ চৰ্দি আৰু কাহৰ পৰা উপশম
তুলসী সেৱন কৰিলে কফ আৰু শ্লেষ্মা কমি যায়। ইয়াৰ এন্টিবায়টিক আৰু এন্টি-ইনফ্লেমেটৰী গুণে ডিঙিৰ বিষ আৰু কাহ নিৰাময়ত ফলপ্ৰসূ। দৈনিক তুলসী খালে কাহ আৰু চৰ্দিৰ পৰা উপশম পাব পাৰি।
৩/ ডিটক্সৰ বাবে কাম কৰে
তুলসীৰ পাতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ই শৰীৰৰ ভিতৰৰ পৰা পৰিষ্কাৰ কৰি ছালখন উজ্জ্বল কৰি তোলে। সেয়েহে দৈনিক চাৰিটা তুলসীৰ পাত খাব লাগে।
৪/ হজম শক্তি উন্নত কৰা
তুলসীৰ পাতে পাচনতন্ত্ৰ শক্তিশালী কৰে। শীতকালত মানুহে প্ৰায়ে পাচনতন্ত্ৰৰ সমস্যাত ভুগি থাকে, এনে পৰিস্থিতিত তুলসী সেৱন কৰাটো অতি উপকাৰী। দৈনিক তুলসীৰ পাত খালে ইয়াৰ প্ৰভাৱো দেখা পাব।
৫/ মানসিক চাপ কমোৱাত সহায়ক
তুলসীক প্ৰাকৃতিক এন্টি-ডিপ্ৰেছন বুলি গণ্য কৰা হয়। ইয়াৰ সেৱনে শীতকালত হোৱা ঋতুভিত্তিক আৱেগিক বিকাৰ বা মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে।
৬/ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী
তুলসীত এন্টিঅক্সিডেন্ট গুণ আছে, যিয়ে ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাতো সহায় কৰে। এনে পৰিস্থিতিত নিশ্চিতভাৱে তুলসীৰ পাত আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।
৭/ ছাল আৰু চুলিৰ বাবে উপকাৰী
দৈনিক তুলসী সেৱনে ছালখন সুস্থ আৰু উজ্জ্বল কৰি তোলে। ইয়াৰ এন্টি-বেক্টেৰিয়েল গুণে ছালৰ সংক্ৰমণ প্ৰতিৰোধ কৰে। ইয়াৰ উপৰিও ই চুলি সৰি পৰাত বাধা দিয়ে আৰু লগতে চুলিকো সুস্থ কৰি তোলে।