৫ জানুৱাৰী ২০২৫- আপ নহয় আপদ! দিল্লী হ'ব বিশ্বৰ শ্ৰেষ্ঠ ৰাজধানী- মোদী
দিল্লীৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। শাসকীয় দল আপ আৰু বিৰোধী বিজেপিৰ মাজত আৰম্ভ হৈছে অভিযোগ-প্রতিঅভিযোগ৷ ইয়াৰ মাজতেই দিল্লী বিজেপিয়ে নিৰ্বাচনৰ বাবে মুকলি কৰিছে নতুন গীত। নতুন গীতটোৰ থিম হৈছে 'আমি পৰিৱৰ্তন বিচাৰো, অজুহাত নহয়, আমি দিল্লীত বিজেপি চৰকাৰ বিচাৰো'।
দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে দেওবাৰে মুকলি কৰিলে বিজেপিয়ে নতুন গীত। এই গীতটিৰ থিম হৈছে আমাক পৰিৱৰ্তনৰ প্ৰয়োজন, অজুহাত নহয়, আমাক দিল্লীত বিজেপি চৰকাৰ লাগে। বিজেপিয়ে উন্মোচন কৰা গীতটোত দিল্লীৰ ছবি ভিডিঅ’ৰ আকাৰত দেখুওৱা হৈছে য’ত বৰষুণৰ ফলত দিল্লী ডুব যোৱা দেখা গৈছে। ইয়াৰ উপৰিও পানীৰ টেংকাৰ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাকো ইছ্যু হিচাপে গঢ়ি তোলা হৈছে। দিল্লী বিজেপিয়ে ছ’চিয়েল মিডিয়া হেণ্ডেলত এই গীতটো পোষ্ট কৰি লিখিছে 'এইবাৰ দিল্লীত আমাক পৰিৱৰ্তনৰ প্ৰয়োজন। দিল্লীত বিজেপি চৰকাৰৰ প্ৰয়োজন'।
আনহাতে ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোৱা ১০ বছৰত দিল্লীয়ে যি ধৰণৰ ৰাজ্য চৰকাৰ দেখিছে সেয়া আপদতকৈ কম নহয়। দিল্লীৰ জনসাধাৰণে এই কথা আজি বহুত ভালকৈ উপলব্ধি কৰিছে। সেয়েহে এতিয়া দিল্লীত প্ৰতিধ্বনিত হৈছে মাত্ৰ এটা নাম। দিল্লীয়ে এতিয়া উন্নয়নৰ এটা ধাৰা বিচাৰে আৰু মই সুখী যে দিল্লীবাসীৰ বিজেপিৰ ওপৰত বিশ্বাস আছে। কাৰণ বিজেপি হৈছে সুশাসন কঢ়িয়াই অনা দল। বিজেপি হৈছে সেৱাৰ মনোভাৱেৰে কাম কৰা এটা দল। লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰ দিল্লী বিধানসভা নিৰ্বাচনত পদুম ফুলিবলৈ গৈ আছে বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। দিল্লী বিজেপিৰ সকলো কঠোৰ পৰিশ্ৰমী কৰ্মীক অনুৰোধ কৰিম যে দিল্লীৰ প্ৰতিজন ভোটাৰক সম্পূৰ্ণ নিষ্ঠাৰে সাক্ষাৎ কৰি আগন্তুক বছৰবোৰৰ বাবে বিজেপিৰ সংকল্পৰ বিষয়ে অৱগত কৰক। কেৱল বিজেপিয়েহে দিল্লীক বিশ্বৰ শ্ৰেষ্ঠ ৰাজধানী হোৱাৰ গৌৰৱ দিব পাৰে।