প্ৰকৃতিৰ ৰোষত পৰিছে মহা শক্তিধৰ আমেৰিকা। বৰ্তমানলৈকে ২৫ জন লোক নিহত।

DY365
DY365
Published: January 15,2025 02:28 PM
DY365

Story highlights

কোনো শক্তিয়েই ৰক্ষা কৰিব পৰা নাই মহা শক্তিধৰ আমেৰিকাক। বিশ্বৰ প্ৰভাৱশালী দেশ আমেৰিকাত চলিছে বন জুইৰ মহা তাণ্ডৱ। এফালৰ পৰা প্ৰকৃতিয়ে ধ্বংসলীলা চলাইছে আমেৰিকাৰ দৰে শক্তিশালী দেশত।কল্পনাতীত ক্ষতিৰ সন্মুখ

১৫-০১-২০২৫: কোনো শক্তিয়েই ৰক্ষা কৰিব পৰা নাই মহা শক্তিধৰ আমেৰিকাক। বিশ্বৰ প্ৰভাৱশালী দেশ আমেৰিকাত চলিছে বন জুইৰ মহা তাণ্ডৱ। এফালৰ পৰা প্ৰকৃতিয়ে ধ্বংসলীলা চলাইছে আমেৰিকাৰ দৰে শক্তিশালী দেশত।কল্পনাতীত ক্ষতিৰ সন্মুখীন হোৱা আমেৰিকাৰ সন্মুখত আন এক মহা বিপদ ।



ছান্টা আনা নামৰ এজাক বতাহে বন জুইৰ প্ৰভাৱ আৰু অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা। ইতিমধ্যে বিধ্বংসী ছান্টা আনা বতাহে ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে কেলিফৰ্নিয়াত। বন জুয়ে এফালৰ পৰা পুৰি ছাই কৰিছে ঘৰ-দুৱাৰ, হাবি-বন। বন জুইয়ে ছাৰখাৰ কৰিলে হলীউডৰ নামি-দামী তাৰকাৰ বাসগৃহৰ লগতে বহুলোকৰ ঘৰ।



জীৱ-জন্তুৰ লগতে এইপৰ্যন্ত প্ৰায় ২৫জন লোকৰ মৃত্যু হৈছে। প্ৰকৃতিৰ ওচৰত হাৰ মনা আমেৰিকাই হাজাৰ হাজাৰ লোকক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছে। প্ৰায় ৯০ হাজাৰ পৰিয়ালে ঘৰ এৰি নিৰাপদ স্থানলৈ যাবলৈ বাধ্য হৈছে। দেশখনৰ কেলিফৰ্নিয়া, লছ এঞ্জেলছ, ৱাশ্বিংটন ডিচিৰ দৰে চহৰত বন জুয়ে চলাইছে তাণ্ডৱ।



আমেৰিকাৰ প্ৰায় ৮,৫০০ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰন্তৰ জুই নোমোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। অত্যন্ত বিপজ্জনক হৈ পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ বৰ্তমান আমেৰিকা। 


Related

TWITTER

FACEBOOK