মুখ্যমন্ত্ৰীৰ ঘোষণা! ধৰ্মীয় চহৰসমূহত নিষিদ্ধ হ’ব সুৰা

DY365
DY365
Published: January 21,2025 06:39 PM
DY365

Story highlights

মুখ্যমন্ত্ৰীৰ ঘোষণা! ধৰ্মীয় চহৰসমূহত নিষিদ্ধ হ’ব সুৰা

২১ জানুৱাৰী ২০২৫-  মুখ্যমন্ত্ৰীৰ ঘোষণা! ধৰ্মীয় চহৰসমূহত নিষিদ্ধ হ’ব সুৰা



মধ্যপ্ৰদেশ চৰকাৰে লৈছে এটা ডাঙৰ সিদ্ধান্ত। মধ্যপ্ৰদেশৰ মোহন যাদৱ চৰকাৰে ৰাজ্যৰ একাংশ চহৰত সুৰা নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। আজি উজ্জয়িনত উপস্থিত হৈ মুখ্যমন্ত্ৰী মোহন যাদৱে অমৰ শ্বহীদ জোৱান হেমু কালানীৰ প্ৰতিমূৰ্তিত মালা পিন্ধাই চৰকাৰে লোৱা এক ডাঙৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য অনুসৰি মধ্যপ্ৰদেশৰ ধৰ্মীয় চহৰসমূহত সুৰা নিষিদ্ধ কৰা হ'ব। ১ এপ্ৰিলৰ পৰা মধ্যপ্ৰদেশত কাৰ্যকৰী কৰা হ’ব নতুন সুৰা নীতি। 
মধ্যপ্ৰদেশ চৰকাৰৰ পৰৱৰ্তী কেবিনেট বৈঠক অহা ২৪ জানুৱাৰীত ভূপালৰ বাহিৰৰ মহেশ্বৰত অনুষ্ঠিত হ'ব। এই ঠাইখন ৰাণী অহিল্যাবাইৰ সৈতে জড়িত আৰু তাতেই তেওঁৰ ৩০০ তম জন্ম বাৰ্ষিকী উদযাপন কৰা হ'ব।। ভোপালৰ বাহিৰত ৰাজ্য চৰকাৰৰ এইখন দ্বিতীয় কেবিনেট বৈঠক। ইয়াৰ পূৰ্বে জবলপুৰত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। মহেশ্বৰত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত ৰাজ্যখনৰ ধৰ্মীয় স্থানত সুৰা নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হ’ব পাৰে এতিয়া চৰ্চা চলিছে।
মধ্যপ্ৰদেশৰ এই চহৰবোৰত নিষিদ্ধ হ’ব পাৰে সুৰা-
 মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে কৰা মন্তব্যৰ ভিত্তিত সুৰা নিষিদ্ধ ধৰ্মীয় চহৰৰ ভিতৰত উজ্জয়িনৰ লগতে ওমকাৰেশ্বৰ, দতিয়া, অমৰকান্তক, চিত্ৰকূট, সাঁচি, খজুৰাহো আদিও অন্তৰ্ভুক্ত কৰিব পাৰি।


Related

TWITTER

FACEBOOK