সাৱধান! আপুনিও অন্ধকাৰত মোবাইল ফোন ব্যৱহাৰ কৰে নেকি?

DY365
DY365
Published: January 4,2025 07:45 PM
DY365

Story highlights

সাৱধান! আপুনিও অন্ধকাৰত মোবাইল ফোন ব্যৱহাৰ কৰে নেকি?

৪ জানুৱাৰী ২০২৫-  সাৱধান! আপুনিও অন্ধকাৰত মোবাইল ফোন ব্যৱহাৰ কৰে নেকি? 
বৰ্তমান সময়ত আমাৰ অধিকাংশৰে দিনটোৰ আৰম্ভণি হয় মোবাইল ফোনেৰে। একে সময়তে দিনটোৰ কামৰ শেষত মোবাইল ফোনটো নাচালে বহুতৰে হয়তো টোপনি নাহে। এই দৃশ্য আজিকালি বহুত সাধাৰণ হৈ পৰিছে। কিন্তু ৰাতিৰ আন্ধাৰত মোবাইল ফোন ব্যৱহাৰ কৰাটো বিপদজনক। ইয়াৰ ফলত চকুত অতি বেয়া প্ৰভাৱ পৰে।আন্ধাৰত এজন ব্যক্তিয়ে ফোনটোলৈ চালে চকুত উজ্জ্বল পোহৰ পৰে আৰু আন্ধাৰত সমন্বয় বিচাৰি পোৱাটো কঠিন। যিয়ে কেৱল চকুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱাই নহয়, মগজু আৰু টোপনিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে।
আন্ধাৰত মোবাইল ফোন ব্যৱহাৰ কৰিলে আপুনি এইসমুহ সমস্যাত ভুগিব পাৰে-
নীলা পোহৰৰ প্ৰভাৱঃ ফোন আৰু অন্যান্য ডিজিটেল যন্ত্ৰৰ দ্বাৰা নিৰ্গত হোৱা নীলা পোহৰে যিকোনো ব্যক্তিৰ চকুৰ ৰেটিনাত বিৰূপ প্ৰভাৱ পেলাব পাৰে। যাৰ ফলত চকুৰ ক্লান্তি, ড্ৰাই আই চিনড্ৰম আৰু মেকুলাৰ ডিজেনেৰেচন হ’ব পাৰে। গতিকে ৰাতি লাইট বন্ধ কৰি বা আন্ধাৰত বহি ফোনটো ব্যৱহাৰ কৰাটো ঠিক নহয়।
চকুৰ দৃষ্টিশক্তি বেয়া: আন্ধাৰত মোবাইল ফোন ব্যৱহাৰ কৰিলে চকুৰ দৃষ্টিশক্তি বেয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও মূৰৰ বিষ আৰু চকুৰ বিষো হ’ব পাৰে, যিবোৰ চকুৰ বাবে একেবাৰেই ভাল নহয়। ফলত দৃষ্টিশক্তি হেৰুৱাৰ আশংকা থাকে।
টোপনিৰ ওপৰত প্ৰভাৱঃ নীলা পোহৰে টোপনিৰ বাবে অপৰিহাৰ্য মেলাটনিন হৰম’নৰ উৎপাদনত ব্যাঘাত জন্মায়। ইয়াৰ ফলত টোপনিৰ মানদণ্ড বেয়া হয় আৰু অনিদ্ৰা হ’ব পাৰে।
ডিজিটেল আই ষ্ট্ৰেইন: অনবৰতে ফোনটোৰ স্ক্ৰীণলৈ চাই থাকিলে চকুৰ ষ্ট্ৰেইন হয়, যাক ডিজিটেল আই ষ্ট্ৰেইন বোলা হয়। লক্ষণসমূহ হ’ল দৃষ্টিশক্তি ম্লান হোৱা, চকুত পানী ওলোৱা আৰু মূৰৰ বিষ। 
এই সকলোবোৰ সমস্যাৰ পৰা মুক্তি পাবলৈ আপুনি ৰাতিৰ আন্ধাৰত ফোনটো ব্যৱহাৰ কৰা বন্ধ কৰিব লাগিব। যদি কিবা এটা গুৰুত্বপূৰ্ণ হয়, তেন্তে ফোন ব্যৱহাৰ কৰাৰ সময়ত স্ক্ৰীণৰ উজ্জ্বলতা কমাই দিব পাৰে। লগতে নিয়মীয়াকৈ পৰীক্ষা কৰি চকুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।


TWITTER

FACEBOOK