বিজেপি নেতাৰ অংকত আউল লগাইছে এখন তালিকাই!

DY365
DY365
Published: January 4,2025 10:52 PM
DY365

Story highlights

বিজেপি নেতাৰ অংকত আউল লগাইছে এখন তালিকাই!

৪ জানুৱাৰী ২০২৫-   বিজেপি নেতাৰ অংকত আউল লগাইছে এখন তালিকাই!



বিধায়ক হৈ দিছপুৰলৈ অহাৰ মন এটা লৈ বিজেপিত যোগদান কৰা একাংশৰ আশাত চেচাঁপানী পৰিব পাৰে। শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ জিলা সভাপতিৰ এখন তালিকা প্ৰকাশ পাইছে। বিজেপিৰ জিলা সভাপতিৰ তালিকাত অন্তৰ্ভুক্ত ইয়াৰে অধিকাংশই ২০২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা পুহি ৰাখিছিল। কিন্তু জিলা সভাপতিৰ তালিকা ঘোষণাৰ পিছতেই এইসকলৰ সপোনত চেঁচাপানী পৰিল।



 যদিও তালিকাখন বিজেপিৰ অফিচিয়েল পেডত নাই আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ হস্তাক্ষৰো নাই কিন্তু এই তালিকা খনে এতিয়া বহু নেতাৰ ৰাজনৈতিক অংকত আউল লগাইছে। কাৰণ ৰাজ্যিক বিজেপিৰ নতুন নিয়ম অনুসৰি জিলা সভাপতিৰ দায়িত্বত থকা ব্যক্তিসকলে বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব বিচাৰিব নোৱাৰিব। 
এই তালিকাত আছে এটা সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এখন বিশাল মঞ্চৰ সভাপতিৰ দায়িত্বত থকা দীপাংক কুমাৰ নাথ। বিধায়ক হোৱাৰ সপোন লৈ আছু ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল দীপাংক নাথে। যোগদানৰ পিছতে দীপাংক কুমাৰ নাথক ৰাজ্যিক সম্পাদক দৰে দায়িত্ব দিয়া হৈছিল যদিও  কিন্তু এতিয়া গোৱালপাৰা জিলা সভাপতিৰ দায়িত্ব লৈয়ে সন্তুষ্ট থাকিব লাগিব দীপাংক কুমাৰ নাথ। কেৱল দীপাংক নাথৰেই নহয়, যোৰহাটৰ জিলা সভাপতি শান্তনু পূজাৰী, তামুলপুৰ জিলা সভাপতি ভিক্টৰ দাসৰ দৰে বহু নেতাৰো এতিয়া বিধায়ক হোৱাৰ সপোন পূৰণ নহ'ব। 
উল্লেখ্য যে  ৰাজ্যিক বিজেপিয়ে শেহতীয়া কৈ জিলা সভাপতিৰ দায়িত্ব দিয়া বহু কেইজন নেতাই ইতিমধ্যে আৰম্ভ কৰিছিল নিৰ্বাচনী কুচকাৱাজ। কিন্তু জিলা সভাপতিৰ দায়িত্ব লোৱাৰ লগে লগে সপোন পূৰাবলৈ হয়তো এইসকল নেতাই এতিয়া আকৌ ২০৩১ লৈ অপেক্ষা কৰিব লাগিব।


TWITTER

FACEBOOK