ঐতিসাহিক দ্বীপৰ বিলত 'বিল মাৰা' উৎসৱ

DY365
DY365
Published: January 5,2025 01:46 PM
DY365

Story highlights

ঐতিসাহিক দ্বীপৰ বিলত 'বিল মাৰা' উৎসৱ

৫ জানুৱাৰী ২০২৫- ঐতিসাহিক দ্বীপৰ বিলত 'বিল মাৰা' উৎসৱ
ঐতিসাহিক দ্বীপৰ বিলত উখল মাখল পৰিৱেশ। সকলোৰে হাতে হাতে কেৱল মাছ। কিয়নো দ্বীপৰ বিলত আজি কাহিলিপুৱাৰে পৰা আৰম্ভ হৈছে 'বিল মাৰা' উৎসৱ । পৰম্পৰাগতভাবে অইন বেলিৰ দৰে এই বেলিও উৰুকাৰ প্ৰাক মুহূৰ্তত মাছ মৰা উৎসৱ পালন কৰা হ'ল দ্বীপৰ বিলত। দ্বীপৰ বিলৰ দাতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়া লোকসকলে পুৰ্বৰে পৰা পৰম্পৰাগতভাৱে উৰুকাৰ প্ৰাক মুহূৰ্তত পালন কৰি আহিছে এই 'বিল মাৰা' উৎসৱ।  প্ৰায় মাহযোৰা প্ৰস্তুতিৰ অন্তত নাও-ৰংকৰাকে ধৰি নাও মেৰামতি, বিভিন্ন প্ৰকাৰ মাছ মৰা জাল-জাঙোৰ আদি সকলো সাজু কৰি উলিয়াই আজি বিলত মাছ মাৰিলে। এইবাৰ বিলত একেলগে নামিল প্ৰায় ৩০০ খনৰো অধিক নাও আৰু প্ৰত্যকখন নাওতে দুজন- তিনিজনকৈ মাছমৰীয়া । দ্বীপৰ বিলৰ দাতীকাষৰীয়া এই মাছমৰীয়া সকলে এনেদৰে মাছ ধৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছে । জানিব পৰা ম'তে এইবাৰ দ্বীপৰ বিলত ৰৌ, ভকুৱা, চিতল, বৰালীকে ধৰি বিভিন্ন মাছৰ পোনাসমুহ মেলি দিছিল । সেই পোনাবোৰ এতিয়া ডাঙৰ হোৱাত এনেদৰে বিলৰ বুকুত মাছ ধৰে লোকসমুহে । পৰম্পৰাগতভাৱে ধৰা এনে মাছবোৰ বিভিন্ন বজাৰত মোকলাই দিয়ে যদিও দ্বীপৰ বিলৰ পাৰত কোনো ওজন নোহোৱাকৈ আনুমানিক হিচাপে মাছ বিক্ৰি কৰে । যাৰ বাবে বিলৰ পাৰত অসংখ্যা গ্ৰাহকৰ সমাগম ঘটে । মাছ ল'বলৈ দ্বীপৰ বিলত পাৰত পুৱাই উপস্থিত হয় বিভিন্ন প্ৰান্তৰ লোক।


TWITTER

FACEBOOK