১৬ ফেব্ৰুৱাৰী ২০২৫- দিনত ভিক্ষা, ৰাতি চুৰি! আৰক্ষীৰ জালত ৬জনীয়া মহিলাৰ দল
দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬জনীয়া মহিলাৰ এটা দল। এই মহিলাৰ দলটোৱে দিনৰ ভাগত দিল্লীৰ ৰাজপথত ভিক্ষা খুজিছিল আৰু তাৰ পিছত ৰাতি হোৱাৰ লগে লগে চুৰিকাৰ্যত ব্যস্ত হৈ পৰিছিল। বিগত কিছুদিন দিল্লীত ধাৰাবাহিকভাৱে দোকান চুৰিৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই তদন্ত আৰম্ভ হৈছিল । তদন্ত আৰম্ভ হোৱাৰ লগে লগেই ছয়গৰাকী মহিলাৰ এটা দল আৰক্ষীৰ হাতত ধৰা পৰে। যাক সমগ্ৰ স্থানীয় সমাজে ভিক্ষাৰী বুলি চিনি পাইছিল। তদন্তকাৰী বিষয়া আৰু স্থানীয় ৰাইজে হতভম্ব হৈ পৰে কাৰণ মহিলাৰ দলটোৱে ভিক্ষাৰীৰ ৰূপ লৈ চুৰি কৰিছিল।
আৰক্ষীয়ে জনোৱা মতে, মহিলাকেইগৰাকী মূলতঃ দিনৰ ভাগত দোকানলৈ গৈ ভিক্ষা খুজিছিল। বিভিন্ন অঞ্চলত ভিক্ষা খুজি দোকানত ৰেইকিও কৰিছিল আৰু ৰাতি ইখন দোকানৰ পৰা সিখন দোকানত চুৰিকাৰ্য কৰিছিল। অপৰাধ সংঘটিত কৰাৰ পিছত এই মহিলাসকল ৰাজস্থানৰ নিজৰ গাঁৱলৈ উভতি আহিছিল আৰু লুট কৰা ধন শেষ হ’লে পুনৰ দিল্লীলৈ আহি চুৰি কৰিছিল। যোৱা ৮ ফেব্ৰুৱাৰীত দিল্লীৰ এখন দোকানত সংঘটিত চুৰিকাণ্ডৰ পিছতেই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছিল। দোকানখনৰ পৰা চাটাৰ ভাঙি ১০ লাখ টকা চুৰি কৰি নিছিল চোৰে।
প্ৰতিবেদন অনুসৰি অতিৰিক্ত ডিচিপি (উত্তৰ) সুধাংশু ভাৰ্মাই কয় যে বিষয়টোৰ তদন্তৰ বাবে এছএইচঅ’ (সদৰ বজাৰ) সাহদেৱ সিং টোমাৰৰ অধীনত উপ-পৰিদৰ্শক আকাশ দীপৰ নেতৃত্বত এটা দল গঠন কৰা হৈছে। এই দলটোৱে অঞ্চলটোত স্থাপন কৰা ১৫০টাতকৈও অধিক চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰে। ফুটেজত ছয়গৰাকী মহিলাই চুৰিকাণ্ড সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছিল। আৰক্ষীয়ে তদন্তৰ অন্তত এতিয়া ৬ গৰাকী মহিলা চোৰক গ্ৰেপ্তাৰ কৰিছে।