বিজেপিক ভোট দি বিপদত পৰিল এগৰাকী মহিলা

DY365
DY365
Published: May 5,2024 11:25 AM
DY365

Story highlights

বিজেপিক ভোট দিয়া বাবেই স্ৱামীগৃহ এৰি পিতৃগৃহত আশ্ৰয় লৈছে মহিলাগৰাকীয়ে।

৫ মে',২০২৪: বিজেপিক ভোট দি বিপদত পৰিল এগৰাকী মহিলা। বিজেপিক ভোট দিয়া বাবেই স্ৱামীগৃহ এৰি পিতৃগৃহত আশ্ৰয় লৈছে মহিলাগৰাকীয়ে। বিজেপিক ভোট দিয়াৰ বাবেই এগৰাকী মহিলাক শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে ধিঙত। মহিলা গৰাকীৰ নাম হৈছে চেলিমা খাতুন ।



কৰ্মসূত্ৰে স্বামী থাকে নগাঁও চহৰত আৰু স্বামী অনুপস্থিতিত দেওৰে,শাহু,ননদৰ লগতে স্বামীৰ পৰিয়ালে অত্যাচাৰ চলোৱাৰ অভিযোগ মহিলাগৰাকীৰ। আৰু ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীয়ে ।  মহিলাগৰাকীৰ অভিযোগ আৰক্ষীয়ে ন্যায় আৰু সুৰক্ষা দিয়াৰ পৰিৱর্তে গোচৰ মীমাংসাৰ বাবেহে আহোম গাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই  হেচা দিয়াৰ অভিযোগ চেলিমাৰ।  



ভুক্তভোগী মহিলা গৰাকীয়ে উপায়ন্তৰ হৈ নিশা কাষ চাপিছে ধিং আৰক্ষীৰ।চেলিমাই কংগ্ৰেছ দলক ভোট প্রদান নকৰাৰ বাবেই এই অত্যাচাৰ কৰাৰ অভিযোগ ভুক্তভোগী মহিলা গৰাকীৰ। 




 


Related

TWITTER

FACEBOOK