১৪-০১-২০২৪: পোহৰলৈ আহিল মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। এগৰাকী কিশোৰীৰ সৈতে ৬৪ টাকৈ লম্পটে চলালে অপকৰ্ম। এই ঘটনা এদিন বা দুদিনৰ নহয়। ৫ বছৰৰ পৰা এগৰাকী কিশোৰীৰ সৈতে ৬৪ টাকৈ পাষণ্ডই চলাই আহিছিল অপকৰ্ম। নাবালিকা অৱস্থাৰ পৰাই যুৱতীগৰাকীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ।
এই ৫ বছৰত যুৱতীগৰাকীয়ে ৩৩ টাকৈ গোচৰ ৰুজু কৰিছিল ৬৪জনকৈ লোকৰ বিৰুদ্ধে। ন্য়ায়ৰ আশাত বহু দিন কটাব লগীয়া হৈছিল যুৱতীগৰাকীয়ে। অৱশেষত গা লৰে আৰক্ষীৰ। ঘটনাৰ তদন্তৰ দায়িত্বত থকা DIG এছ অজিতা বেগমে দিয়ে হুংকাৰ। বৰ্তমানলৈকে ৬৪টা পাষণ্ডৰ ৪৪টাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম আৰক্ষী।
আন অভিযুক্তকো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰাৰ দাবী আৰক্ষীৰ। এই ঘটনা সংঘটিত হৈছে কেৰালাৰ পাঠনামথিত্ত জিলাত।