২৯ ডিচেম্বৰ,২০২৪- বিশ্বজুৰি ষ্ট্ৰোকত মৃত্যু হ’ব ৬৫ লাখৰ!
বিশ্বজুৰি মৃত্যুৰ এটা প্ৰধান কাৰণ হৃদৰোগ আৰু দ্বিতীয় কাৰণ হ’ল ষ্ট্ৰোক। ষ্ট্ৰ’ক শব্দটো শুনিলেই সকলোৰে মাজত আতংকৰ সৃষ্টি হয়। সেয়া অপ্ৰত্যাশিত নহয়। মৃত্যু নহ’লেও বহু সময়ত ইয়াৰ বাবে শৰীৰটো স্থবিৰ হৈ পৰে। ইস্কেমিক ষ্ট্ৰোক ৮৫ শতাংশৰ ক্ষেত্ৰত হয়। কিন্তু মৃত্যুৰ আটাইতকৈ ভয়ংকৰ কাৰণ হ’ল ৰক্তক্ষৰণজনিত ষ্ট্ৰোক।
ষ্ট্ৰোকক লৈ চিকিৎসা বিশেষজ্ঞসকলো চিন্তিত হৈছে। বিশ্বজুৰি প্ৰতি চাৰিজন লোকৰ ভিতৰত এজনৰ জীৱনত এবাৰ হ’লেও ষ্ট্ৰোক হয়। আপুনি পঢ়ি আচৰিত হলেও চিকিৎসা বিশেষজ্ঞসকলৰ মতে এইবাৰ কমেও ১.২২ লাখ লোক ষ্ট্ৰোকত আক্ৰান্ত হ’ব আৰু ইয়াৰে ৬৫ লাখ লোকৰ ষ্ট্ৰোকত মৃত্যু হ’ব।
বিশেষজ্ঞসকলৰ মতে ষ্ট্ৰোকৰ অন্যতম কাৰণ হ’ল - নিয়মীয়া ধূমপান, মেদবহুলতা, খাদ্যত অতিৰিক্ত তেল-মচলাযুক্ত খাদ্য। অৱশ্যে অত্যধিক মদ্যপান, বিশৃংখল জীৱনো ষ্ট্ৰোকৰ মূল কাৰণ। ইয়াৰ বাহিৰেও আন বিভিন্ন সমস্যাৰ বাবেও ষ্ট্ৰোক হ'ব পাৰে। যিসকলৰ ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ দৰে সমস্যা আছে, তেওঁলোকৰ ষ্ট্ৰোকৰ সম্ভাৱনা তুলনামূলকভাৱে বেছি। বিশেষজ্ঞসকলে কয় যে সুস্থ জীৱন যাপন কৰিলে ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰি।