পথ দুৰ্ঘটনাগ্ৰস্তক সহায় কৰিলেই পাব ২৫ হাজাৰকৈ টকা

DY365
DY365
Published: January 12,2025 08:46 PM
DY365

Story highlights

পথ দুৰ্ঘটনাগ্ৰস্তক সহায় কৰিলেই পাব ২৫ হাজাৰকৈ টকা

১২ জানুৱাৰী ২০২৫- পথ দুৰ্ঘটনাগ্ৰস্তক সহায় কৰিলেই পাব ২৫ হাজাৰকৈ টকা



বৰ্তমান সময়ত দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। বহু সময়ত আইনী মেৰপেচত পৰাৰ ভয়ত বহু লোকে দুৰ্ঘটনাগ্ৰস্ত লোকক সহায় কৰাৰ বাবে  আগবাঢ়ি যাবলৈ ভয় কৰে। কিন্তু এতিয়াৰে পৰা যদি আপুনি দুৰ্ঘটনাগ্ৰস্ত লোকক সহায় কৰে তেনেহলে আপুনি পুৰস্কাৰ হিচাপে লাভ কৰিব ২৫ হাজাৰ টকা।     শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এই বৃহত ঘোষণা কৰিছে।
পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত লোকক সহায় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুৰস্কাৰ হিচাপে দিছিল ৫ হাজাৰ টকা। কিন্তু এতিয়া পুৰস্কাৰৰ পৰিমাণ পাঁচগুণ বৃদ্ধি পাব। অৰ্থাৎ এতিয়া দুৰ্ঘটনাগ্ৰস্তক সময়মতে চিকিৎসালয়লৈ নিয়া লোকসকলৰ বাবে পুৰস্কাৰৰ পৰিমাণ ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব।  পথ সুৰক্ষাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত অভিনেতা অনুপম খেৰৰ সৈতে পতা কথাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে তেওঁ পথ পৰিবহণ মন্ত্ৰালয়ক পুৰস্কাৰৰ ধন বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কয় যে কাৰোবাৰ জীৱন ৰক্ষাৰ দৰে ডাঙৰ আৰু মূল্যৱান কাম কৰা ব্যক্তিক দিয়া এই ধনৰাশি বহুত কম। যদি পথ দুৰ্ঘটনাগ্ৰস্ত লোকসকলক এঘণ্টাৰ ভিতৰত চিকিৎসালয় বা ট্ৰমা কেয়াৰ চেণ্টাৰলৈ লৈ যোৱা হয়, তেন্তে ই কাৰোবাৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হ’ব পাৰে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখ্য যে পথ দুৰ্ঘটনাগ্ৰস্তক সহায় কৰা লোকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ২০২১ চনৰ অক্টোবৰৰ পৰা চৰকাৰে এই পুৰস্কাৰৰ পদক্ষেপ আৰম্ভ কৰিছিল।


Related

TWITTER

FACEBOOK