ভাইৰেল হৈ পৰিছে ক্ৰিকেটাৰ ৰিংকু সিঙৰ দেউতাকৰ এটা ভিডিঅ’...

DY365
DY365
Published: January 30,2024 09:25 AM
DY365

Story highlights

ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ক্ৰিকেটাৰ ৰিংকু সিঙৰ দেউতাকৰ এটা ভিডিঅ’। ৰিংকু সিঙৰ দেউতাক খানচান্দে LPG চিলিণ্ডাৰ বিতৰণ কৰাৰ ভাইৰেল ভিডিঅ’।

৩০ জানুৱাৰী, ২০২৪ঃ ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ক্ৰিকেটাৰ ৰিংকু সিঙৰ দেউতাকৰ এটা ভিডিঅ’। ৰিংকু সিঙৰ দেউতাক খানচান্দে LPG চিলিণ্ডাৰ বিতৰণ কৰাৰ ভাইৰেল ভিডিঅ’। 



https://twitter.com/i/status/1750877581233025154



টকা-পইচা, নাম-খ্যাতি থকাৰ পাছতো ৰিংকু সিঙৰ দেউতাকে বৰ্তমানেও কৰি আছে পূৰ্ব কাম। ৰিংকু সিঙে নিজৰ দেশক গৌৰৱান্বিত কৰি থকাৰ সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দেউতাকৰ ভিডিঅ’। ভিডিঅ’টোত ৰিংকুৰ দেউতাকে এতিয়াও LPG চিলিণ্ডাৰ বিতৰণৰ কাম অব্যাহত ৰাখিছে। ভিডিঅ’টোত পৰিবহনৰ বাবে এখন ভানত চিলিণ্ডাৰ লোড কৰা দেখা গৈছে ক্ৰিকেটাৰগৰাকীৰ দেউতাকক। তেওঁৰ দেউতাক খানচান্দ উত্তৰ প্ৰদেশৰ আলিগড়ত বাস কৰে। 



‘‘মই মোৰ দেউতাক এতিয়া আৰাম কৰিবলৈ কৈছিলো। কিন্তু তেওঁ এতিয়াও এই কাম কৰে আৰু তেওঁৰ কামক ভাল পায়।’’ ফ্ৰী প্ৰেছ জাৰ্নেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰিংকু সিঙে কয়।
 


Related

TWITTER

FACEBOOK