২০ জানুৱাৰী ২০২৫- টীম ইণ্ডিয়াত অৱসান ঘটিল ষ্টাৰ কালছাৰৰ
ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৫খনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচ অহা ২২ জানুৱাৰীত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব। ইতিমধ্যেই টীম ইণ্ডিয়াৰ খেলুৱৈসকলে কলকাতাত উপস্থিত হৈ অনুশীলন আৰম্ভ কৰিছে। কিন্তু দেখিবলৈ পোৱা গৈছে যে অনুশীলনৰ বাবে হোটেলৰ পৰা ষ্টেডিয়ামলৈ অহা-যোৱা কৰা সময়ছোৱাত ভাৰতীয় ক্ৰিকেট দলৰ কোনো খেলুৱৈকে বংগ ক্ৰিকেট এছ’চিয়েশ্যনে পৃথকে ভ্ৰমণ কৰিবলৈ সুবিধা দিয়া নাই। কাৰণ টীম ইণ্ডিয়াই শেহতীয়াভাৱে কেইবাটাও শৃংখলাত ধাৰাবাহিকভাৱে কৰা দুৰ্বল প্ৰদৰ্শনৰ পিছতেই অধিক কঠোৰ হৈছিল BCCI তথা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰন বোৰ্ড। ইয়াৰ পিছতেই BCCIৰ পৰ্যালোচনা বৈঠকত খেলুৱৈ আৰু টীম ইণ্ডিয়াৰ ষ্টাফৰ বাবে কেইবাটাও নতুন নিয়ম প্ৰৱৰ্তন কৰিছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰন বোৰ্ডে।
এই নিয়মবোৰৰ ভিতৰত আছিল খেলুৱৈসকলে অনুশীলনৰ পৰা আৰম্ভ কৰি খেললৈকে সকলো সময়তে একেলগে যাত্ৰা কৰিব লাগিব। সময়ৰ পূৰ্বে কোনো খেলুৱৈয়ে অনুশীলন এৰিব নোৱাৰিব। অনুমতি অবিহনে পৰিয়ালৰ সৈতে কোনো খেলুৱৈয়ে পৃথকে যাত্ৰা কৰিব নোৱাৰিব।
BCCIৰ এই নিৰ্দেশৰ পিছতেই এতিয়া কঠোৰ হৈছে বংগ ক্ৰিকেট এছ’চিয়েশ্যন। ক্ৰিকেট এছ’চিয়েশ্যন অৱ বংগৰ সভাপতি স্নেহাশিশ গাংগুলীয়ে সংবাদমাধ্যমৰ সম্মুখত কয় যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰন বোৰ্ডে খেলুৱৈসকলৰ বাবে যি যি নিয়ম প্ৰৱৰ্তন কৰিছে এই সকলোবোৰ গাইডলাইন মানি খেলুৱৈসকলৰ বাবে টীম বাছৰ ব্যৱস্থা কৰা হৈছে। BCCIয়ে খেলুৱৈসকলৰ বাবে যি ১০টা গাইডলাইন জাৰি কৰিছে তাৰ বাবেই বংগ ক্ৰিকেট এছ’চিয়েশ্যনে খেলুৱৈসকলৰ বাবে কোনো সুকীয়া পৰিবহণৰ ব্যৱস্থা কৰা নাই। ভাৰতীয় দলৰ বাবে মাত্ৰ এখন টীম বাছৰ ব্যৱস্থা কৰা হৈছে। কোনো খেলুৱৈৰ বাবে ব্যক্তিগত বাহনৰ ব্যৱস্থা কৰা নাই বংগ ক্ৰিকেট এছ’চিয়েশ্যন।