২৪ ফেব্ৰুৱাৰী ২০২৫- কোহলীৰ বিৰাট অভিলেখ!
ছুপাৰ ছানডে’ত ২২ গজৰ যুঁজত টীম ইণ্ডিয়াৰ হাতত পুনৰবাৰ মুথঠেকেচা খালে পাকিস্তানে। ডুবাইত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীৰ আটাইতকৈ হাই ভল্টেজ মেচখনত বিৰাট কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে অৰ্জন কৰে এদিনীয়া ক্ৰিকেটৰ ৫১ সংখ্যক শতক । দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে কোহলীয়ে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। কেৱল শতক অৰ্জন কৰাই নহয়, পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীয়ে গঢ়িলে কেইবাটাও বিশ্ব ৰেকৰ্ড।
এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ৫১ সংখ্যক শতক অৰ্জন কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ বিৰাট কোহলী। কোহলীৰ বাহিৰে এতিয়ালৈকে এদিনীয়া মেচত শতকৰ ক্ষেত্ৰত ৫০ৰ সংখ্যা স্পৰ্শ কৰিব পৰা নাই আন কোনো খেলুৱৈয়ে। ৪৯টা শতকৰে দ্বিতীয় স্থানত আছে মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ।
এদিনীয়া ক্ৰিকেটৰ ইতিহাসত দ্ৰুততম ১৪০০০ ৰান সংগ্ৰহ বিৰাট কোহলীৰ। ২৮৭টা ইনিংছত এই অভিলেখ গঢ়িবলৈ সক্ষম হয় কোহলীয়ে। আনহাতে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ১৪০০০ ৰান সম্পূৰ্ণ কৰা ভাৰতৰ দ্বিতীয় আৰু বিশ্বৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপেও পৰিগণিত হয় বিৰাট কোহলী।
আই চি চি টুৰ্ণামেণ্টত পাকিস্তানৰ বিৰুদ্ধে পঞ্চমবাৰৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ খিতাপ অৰ্জন কৰিছে কোহলীয়ে। পাকিস্তানৰ বিৰুদ্ধে আইচিচিৰ প্ৰতিযোগিতাত সৰ্বাধিক বাৰ প্লেয়াৰ অৱ দ্য মেচৰ খিতাপ অৰ্জন কৰা খেলুৱৈ হিচাপেও পৰিগণিত হৈছে কোহলী।
পাকিস্তানৰ বিৰুদ্ধে মেচখনত দুটাকৈ কেচ লোৱাৰ লগে লগে এদিনীয়াত সৰ্বাধিক কেচ লোৱা ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। বিৰাটৰ নামত এতিয়া আছে ১৫৮টা কেচ। পূৰ্বে এই অভিলেখ আছিল মহম্মদ আজহাৰুদ্দিনৰ নামত।
বিশ্বকাপ, এছিয়া কাপ আৰু চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰা প্ৰথমগৰাকী বেটছমেন হৈছে বিৰাট কোহলী।
আইচিচি টুৰ্ণামেণ্টত পাকিস্তানৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপেও পৰিগণিত হৈছে বিৰাট কোহলী। বিৰাট কোহলীয়ে এইপৰ্যন্ত পাকিস্তানৰ বিৰুদ্ধে ৪৪৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। পূৰ্বে এই অভিলেখ আছিল ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ নামত।
বিৰাট কোহলী হৈছে আইচিচিৰ এদিনীয়া প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে সৰ্বাধিক ৫০ প্লাছ স্ক’ৰ কৰা সক্ৰিয় ক্ৰিকেটাৰ। পাকিস্তানৰ বিৰুদ্ধে কোহলীৰ আছে চাৰিটা ৫০ প্লাছ স্ক’ৰ।
বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফীত সৰ্বাধিক ‘মেন অৱ দ্য মেচ’ৰ সন্মান লাভ কৰা খেলুৱৈ হৈছে বিৰাট কোহলী। এই পৰ্যন্ত কোহলীয়ে ১৪ বাৰৰ বাবে ‘মেন অৱ দ্য মেচ’ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ক্ৰীছ গেইল আৰু ৰোহিত শৰ্মাই ১১ বাৰকৈ ‘মেন অৱ দ্য মেচ’ৰ সন্মান লাভ কৰিছে।