২১ জানুৱাৰী ২০২৫- 'মই আৰু ক্ৰিকেট খেলিব পাৰিলোহেঁতেন কিন্তু...',কিয় হঠাতেই অৱসৰ লৈছিল আৰ অশ্বিনে
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ মাজতেই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছিল টীম ইণ্ডিয়াৰ তাৰকা অফস্পিনাৰ ৰবিচন্দ্ৰণ অশ্বিনে। শৃংখলাৰ প্ৰথমখন খেলত Playing11 ৰ পৰা বাহিৰত থকা অশ্বিনে দ্বিতীয়খন টেষ্ট মেচ খেলিছিল যদিও তৃতীয়খন টেষ্টৰ Playing11 ৰ পৰা আকৌ বাহিৰ হৈছিল ক্ৰিকেটাৰগৰাকী। অশ্বিনৰ আকস্মিক অৱসৰৰ এই সিদ্ধান্তৰ পিছতেই বহু প্ৰশ্ন উত্থাপন হৈছিল যদিও অৱশেষত অৱসৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিলে তাৰকা অফস্পীনাৰ গৰাকীয়ে।
অৱসৰ সন্দৰ্ভত মুখ খুলি আৰ অশ্বিনে নিজৰ ইউটিউব চেনেল "Ask ki baat"ত কয় যে "মোৰ মাজত আৰু ক্ৰিকেট বাকী আছিল। মই আৰু ক্ৰিকেট খেলিব পাৰিলোহেঁতেন। কিন্তু যেতিয়া মানুহে আপোনাৰ খেলক লৈ প্ৰশ্ন কৰে তেনেহলে আপুনি ৰৈ দি খেলক বিদায় জনোৱাটো ভাল।" কিন্তু মই অৱসৰৰ বিষয়ে কাৰো সৈতে কথা পতা নাছিলো কাৰণ মই ড্ৰেছিং ৰুমত আছিলো আৰু ড্ৰেছিং ৰুমৰ পৱিত্ৰতাক সন্মান কৰাটো মোৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল ।
আনহাতে বিদায়ী টেষ্ট মেচ নেখেলাৰ সন্দৰ্ভত ৩৮ বছৰীয়া প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰজনে কয় ,"মই ব্যক্তিগতভাৱে বিশ্বাস কৰো যে বিদায়ী খেলত অংশ লোৱাটো কোনো গুৰুত্বপূৰ্ণ কথা নহয়। মই কেৱল সৎ হৈ থাকিব বিচাৰো। কল্পনা কৰক, যদি মই বিদায়ী মেচৰ সুযোগ পাওঁ কিন্তু মই দলত স্থান পোৱাৰ যোগ্য নহয়, তেনেহলে মই সুখী নহ'ম ।
উল্লেখ্য যে ১০৬ খন টেষ্টত ৫৩৭ টা উইকেট কৰা ৰবিচন্দ্ৰণ অশ্বিনে হৈছে অনিল কুম্বলেৰ পিছতেই সকলো ফৰ্মেটত ভাৰতৰ হৈ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী বলাৰ। অৱশ্যে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও IPLত দেখিবলৈ পাব ৰবিচন্দ্ৰণ অশ্বিনক।