১২ ফেব্ৰুৱাৰী ২০২৫- বুমৰাহ বাহিৰ, টীম ইণ্ডিয়াত মোক্ষম আঘাত
চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় দলত মোক্ষম আঘাত। আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠাৰ পৰিপ্ৰেক্ষিতত চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হল ষ্টাৰ বলাৰ যশপ্ৰীত বুমৰাহ। ১৯ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হবলগীয়া চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে বুমৰাহ সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছিল যদিও সেয়া হৈ নুঠিল। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ছিডনী টেষ্টৰ মাজতেই পিঠিত আঘাত পাইছিল বুমৰাহে, আৰু আঘাতৰ পৰা সুস্থ হ’বলৈ বুমৰাহক আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব। উল্লেখ্য যে আঘাতৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাৰ পৰাও আঁতৰি আছিল বুমৰাহ।
প্ৰতিবেদন অনুসৰি, যশপ্ৰীত বুমৰাহ এতিয়াও পিঠিৰ আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই, যাৰ বাবে চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হৈছে। যদিও বেংগালুৰুত বুমৰাহৰ স্কেনত অস্বাভাৱিক একো পোৱা নগ’ল, তথাপিও বুমৰাহে এতিয়ালৈকে ক্ৰিকেট খেলিবলৈ সম্পূৰ্ণৰূপে সাজু হোৱা নাই। কিছু সপ্তাহৰ পিছত তেওঁ দৌৰিবলৈ আৰম্ভ কৰিব পাৰে আৰু তাৰ পিছত ক্ৰমান্বয়ে বলিং আৰম্ভ কৰাৰ সম্ভাৱনা আছে। তেতিয়ালৈকে বিচিচিআইৰ বেংগালুৰুৰ চেণ্টাৰ অৱ এক্সেলেন্সত চিকিৎসৰ নিৰীক্ষণত থাকিব বুমৰাহ। অৱশ্যে ১৮ জানুৱাৰীত চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা কৰা টীম ইণ্ডিয়াৰ ১৫ জনীয়া দলটোত বুমৰাহক অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু এতিয়া বুমৰাহৰ ঠাইত হৰ্ষিত ৰাণাক দলক অন্তৰ্ভুক্ত কৰা হৈছে।
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতৰ দল:
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (উপ-অধিনায়ক), বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ত (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ ছামি, অৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী।
নন ট্ৰেভেলিং ৰিজাৰ্ভ- যশস্বী জয়ছৱাল, মহম্মদ চিৰাজ, শিৱম ডুবে।