BCCIৰ এক সিদ্ধান্তক লৈ চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে আকৌ আৰম্ভ বিতৰ্ক!

DY365
DY365
Published: January 21,2025 06:28 PM
DY365

Story highlights

BCCIৰ এক সিদ্ধান্তক লৈ চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে আকৌ আৰম্ভ বিতৰ্ক!

 



২১ জানুৱাৰী ২০২৫-  BCCIৰ এক সিদ্ধান্তক লৈ চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে আকৌ আৰম্ভ বিতৰ্ক!



১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। কিন্তু চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ পূৰ্বে পুনৰ সুত্ৰপাত হৈছে এক নতুন বিতৰ্কৰ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে চেম্পিয়নছ ট্ৰফীৰ বাবে টীম ইণ্ডিয়াৰ খেলুৱৈসকলক পাকিস্তান নপঠিয়াও বুলি সিদ্ধান্ত স্পষ্ট কৰাৰ পিছতেই হাইব্ৰিড মডেলৰ অধীনত আয়োজন কৰা হৈছে চেম্পিয়নছ ট্ৰফী। হাইব্ৰিড মডেলৰ অধীনত টীম ইণ্ডিয়াৰ খেলসমূহ পাকিস্তানৰ পৰিৱৰ্তে অনুষ্ঠিত হ'ব ডুবাইত। 
আয়োজন সন্দৰ্ভত দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত এতিয়া পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ভাৰতীয় দলৰ বিৰুদ্ধে এক নতুন অভিযোগ উত্থাপন কৰিছে। PCBৰ এজন বিষয়াই BCCIয়ে ক্ৰিকেটৰ মাজলৈ ৰাজনীতি অনাৰ অভিযোগ উত্থাপন কৰিছে। খবৰ অনুসৰি চেম্পিয়নছ ট্ৰফীৰ জাৰ্ছিত পাকিস্তানৰ নাম লিখিবলৈ অমান্তি হৈছে BCCI। এই খবৰ পোহৰলৈ অহাৰ পিছতেই এই বিষয়টোৱে বিতৰ্কৰ সূত্ৰপাত কৰিছে। অৱশ্যে এই বিতৰ্কই শেষ মুহূৰ্তত কোন পৰ্যায়ত উপনীত হয় সেয়া সময়েহে ক’ব। মন কৰিবলগীয়া যে, ICCৰ মেগা ইভেণ্টসমূহত প্ৰতিটো ক্ৰিকেট দলৰেই জাৰ্ছিত আয়োজক দেশৰ নাম লিখা থাকে। আনহাতে BCCIৰ এই সিদ্ধান্ত সন্দৰ্ভত এতিয়া ICCৰ হস্তক্ষেপ বিছাৰিছে PCBয়ে। 
উল্লেখ্য যে ভাৰতত অনুষ্ঠিত হোৱা বিশ্বকাপৰ সময়তো অনুৰূপ ধৰণে সকলো দলৰ জাৰ্ছিতে ভাৰতৰ নাম লিখা আছিল। কিন্তু চেম্পিয়নছ ট্ৰফীত ভাৰতৰ বাবেই সেই নিয়ম ভংগ হ’ব নে ভাৰতে শেষ মুহূৰ্তত পাকিস্তানৰ নাম জাৰ্ছিত লিখিবলৈ বাধ্য হ'ব সেয়া সময়ে ক’ব।


Related

TWITTER

FACEBOOK