২৮জুলাই,২০২৪:গ্ৰীষ্ম প্ৰবাহত জুৰুলা ৰাজ্য। পুৱাতে খাও খাওকৈ ওলোৱা বেলিটোৱে এতিয়া জলা-কলা খুৱাইছে আটাইকে। আতুৰ হৈ পৰিছে জীৱকূল। কেতিয়া শাওনৰ এচাতি মলয়াই শাত পেলাব দেহা? উজনিৰ পৰা নামনিলৈ অতিমাত্ৰা গৰমে দহিছে আটাইকে। প্ৰতিখন জিলাত তাপমাত্ৰাই চুইছে ৩৭-৩৮ ডিগ্ৰী চেলচিয়াছলৈ। কিন্তু গৰমৰ এই অনুভৱ ৫০-৫২ ডিগ্ৰী চেলচিয়াছৰ দৰে। উত্কট গৰম। যেন উশাহতো প্ৰবাহমান গৰম বতাহ। চাতি-ফুটি কৰি থাকিব লগীয়া হৈছে আটায়ে। সকলোৰে মুখত এটাই কথা- কেতিয়া আহিব হেঁপাহৰ বৰষুণজাক? ইয়াৰ মাজতে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ ভয়ংকৰ আগজাননী। অহা ৪ দিনলৈ উত্কট গৰমে দহিব ৰাজ্যবাসীক। অৱশ্যে ঠায়ে ঠায়ে বতৰ ডাৱৰীয়া, পাতলীয়া বৰষুণৰ সম্ভাৱনা। ঠায়ে ঠায়ে পাতলীয়া বৰষুণ দিলেও হ্ৰাস নাপাব গৰমৰ প্ৰকোপ।
উত্কট গৰমৰ বাবে ৰাজ্যত এইপৰ্যন্ত ৪জন লোকৰ মৃত্যু। মুছলপুৰত হিট ষ্ট্ৰোক হৈ মৃত্যু প্ৰাণজিত্ শৰ্মা নামৰ লোকজনৰ। আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈ প্ৰাণ হেৰুৱালে কলাইগাঁও নৱোদয় বিদ্যালয়ৰ শিক্ষক প্ৰাণজিত্ শৰ্মাই। পূৰ্বে যোৰহাট, ৰঙিয়াতো মৃত্যু উত্কট গৰমত। ঠায়ে ঠায়ে অসুস্থ হৈ চিকিত্সাধীন হ’ব লগীয়া হৈছে ভালেকেইজন লোক। ইয়াৰ মাজতে আকৌ বিদ্যুতৰ লুকাভাকুৱে জলা-কলা খুৱাইছে ৰাইজক।
জামুগুৰিহাটত ৰাজপথলৈ ওলাই আহিল ৰাইজ। হাতে হাতে বিছনী লৈ ডৌকাচাপৰি গাঁৱৰ ৰাইজে শক্তি বিভাগৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ। দুখন গাঁৱৰ মাজত থকা এটা ট্ৰেন্সফৰ্মাৰে সঠিকভাৱে বিদ্যুত্ যোগান ধৰিব নোৱৰাত ক্ষোভ ৰাইজৰ। ইফালে তেজপুৰত বিদ্যুতৰ লুকাভাকুৰ বাবেই লাগিল খণ্ডযুদ্ধ।
তেজপুৰ গ’ল্ড চিনেমা হলত পৰ্যাপ্ত বিদ্যুত্ নথকাৰ বাবে কৰ্তৃপক্ষই চলাব নোৱাৰিল এচি। ঘামত জুৰুলি-জুপুৰি হৈ চিনেমা চাব লগীয়া হ’ল দৰ্শকে। হলৰ পৰা ওলাই আহি কৰ্তৃপক্ষৰ বিৰুদ্ধো সোচ্চাৰ গ্ৰাহক। মুঠৰ ওপৰত গৰম আৰু বিদ্যুতৰ বাবে এতিয়া ত্ৰাহিমধুসুদন সুঁৱৰিছে ৰাইজে। গৰম যিমানেই বাঢ়িছে, সিমানেই বাঢ়ি গৈছে বিদ্যুতৰ লুকাভাকু।