মেঘালয়লৈ ফুৰিব যোৱাৰ পূৰ্বে বৰ্তমান জানিবলগীয়া কেইটামান কথা

DY365
DY365
Published: July 27,2024 12:13 PM
DY365

Story highlights

ডাউকি–চেৰাপুঞ্জী ভ্ৰমণলৈ যোৱা অসমৰ পৰ্যটকৰ হাহাকাৰ। স্থানীয় লোক আৰু মেঘালয়ৰ জাতীয় সংগঠনে বাধা দিলে অসমৰ বাহন চলাচলত। মেঘালয় আৰক্ষীৰ আশ্বাসক অংগুষ্ঠ খোদ মেঘালয়ৰ স্থানীয় লোকৰ।

২৭জুলাই,২০২৪: ডাউকি–চেৰাপুঞ্জী ভ্ৰমণলৈ যোৱা অসমৰ পৰ্যটকৰ হাহাকাৰ। স্থানীয় লোক আৰু মেঘালয়ৰ জাতীয় সংগঠনে বাধা দিলে অসমৰ বাহন চলাচলত। মেঘালয় আৰক্ষীৰ আশ্বাসক অংগুষ্ঠ খোদ মেঘালয়ৰ স্থানীয় লোকৰ। মেঘালয়ত পুনৰ অসমৰ পৰ্যটকক হাৰাশাস্তি। মেঘালয়ৰ স্থানীয় লোক, জাতীয় সংগঠনৰ প্ৰতিবাদ। অসমৰ পঞ্জীয়ন থকা বাহন চলাচলত বাধা। মেঘালয় চৰকাৰ–আৰক্ষীৰ আশ্বাসক অংগুষ্ঠ স্থানীয় লোকৰ। ওমটিংগাৰ অঞ্চলত পথ অৱৰোধ কৰে মেঘালয়ৰ লোকে।



ডাউকি–চেৰাপুঞ্জীলৈ অসমৰ বাহন চলাচলত বাধা প্ৰদান। পৰ্যটক নিয়া অসমৰ টেক্সী চলাচলত বাধা মেঘালয়ৰ লোকৰ। টেক্সীৰ লগতে আবদ্ধ হৈ ৰ’ল বহু ব্যক্তিগত বাহনো। পৰিণতিত অসমৰ বহু পৰ্যটক সন্মুখীন হ’ল হাৰাশাস্তিৰ। গন্তব্য স্থান পৰিদৰ্শনৰ আশা এৰি ঘূৰি আহিল বহু পৰ্যটক। এই সমস্যা শীঘ্ৰে সমাধান কৰাৰ আশ্বাস অসম চৰকাৰৰ। 
 


Related