১ আগষ্টৰ পৰা বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ, কাৰ বাবে এই সেৱা, কেনেকৈ পাব সুবিধা?

DY365
DY365
Published: July 31,2024 08:15 PM
DY365

Story highlights

সমাজৰ বিভিন্ন ক্ষেত্ৰৰ আগৰণুৱা ব্যক্তিৰ বাবে হাতত লোৱা হৈছে বিশেষ পদক্ষেপ। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে গ্ৰহণ কৰিছে বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী।

৩১জুলাই,২০২৪:সমাজৰ বিভিন্ন ক্ষেত্ৰৰ আগৰণুৱা ব্যক্তিৰ বাবে হাতত লোৱা হৈছে বিশেষ পদক্ষেপ। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে গ্ৰহণ কৰিছে বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী। ১ আগষ্ট অৰ্থাৎ কাইলৈৰ পৰা সামৰিক, অৰ্ধসামৰিক, আৰক্ষী, সাংবাদিক, গৃহৰক্ষী বাহিনীৰ জোৱান তথা মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব যান-বাহন চালনাৰ প্ৰশিক্ষণ। আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসৰ বিশেষ পৰিকল্পনা আৰু তত্বাৱধানত হাতত লোৱা যান-বাহন চালনাৰ বিনামূলীয়া এই প্ৰশিক্ষণৰ বাবে হোণ্ডা ছেফ্টী ড্ৰাইভিং ট্ৰেইনিং এডুকেচন চেণ্টাৰৰ তৰফৰ পৰা কৰিব সহযোগ।
এই বিনামূলীয়া প্ৰশিক্ষণৰ অন্তত যান-বাহন চালনাৰ বাবে অত্যাৱশ্যকীয় অনুজ্ঞাপত্ৰ এখন নিজে কেনেকৈ তাৎক্ষণিকভাৱে উলিয়াই ল'ব পাৰি সেই সন্দৰ্ভতো প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰিব কিছু সম্যক জ্ঞান। যিসকলে আগষ্ট মাহজোৰা বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিব বিচাৰে তেন্তে প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত উপস্থিত হ'ব পাৰে পৰিবহণ বিভাগৰ বেতকুছিস্থিত কাৰ্যালয় চৌহদত থকা হোণ্ডা ছেফ্টী ড্ৰাইভিং ট্ৰেইনিং এডুকেচন চেণ্টাৰত। বিশেষ প্ৰশিক্ষণৰ বিষয়ে অধিক জানিবলৈ ইচ্ছুকসকলক 94015-96387 আৰু 78968-50045 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিবহণ বিষয়া গৌতম দাসে।

 


Related

TWITTER

FACEBOOK