২৮জুলাই,২০২৪:দিল্লীত শিলচৰৰ যুৱতীক নৃশংস হত্যা। প্ৰেমিকৰ ছুৰিকাঘাতত প্ৰাণ গ’ল শিলচৰৰ যুৱতীৰ। দক্ষিণ পশ্চিম দিল্লীৰ পাচানপুৰ ক’লনীত এই ঘটনা। প্ৰেমিকৰ হাতত প্ৰাণ হেৰুওৱা যুৱতীগৰাকী স্নেহা নাথ চৌধুৰী। হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ। হত্যাকাৰী ৰাজ কাছাৰৰ চান্নিঘাটৰ বাসিন্দা। নিহত স্নেহা শিলচৰৰ অম্বিকাপট্টিৰ এটা জীমৰ প্ৰশিক্ষক আছিল। দীৰ্ঘদিনে দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। শেহতীয়াকৈ দুয়োৰে সম্পৰ্কত লাগিছিল আউল।
শনিবাৰে স্নেহাৰ দিল্লীৰ ফ্লেটত উপস্থিত হয় ৰাজ। স্নেহাৰ জীৱনলৈ অন্য এজনৰ আগমন ঘটাত ক্ষোভিত হৈ পৰে ৰাজ। এখন ছুৰীৰে প্ৰেমিকা স্নেহাক আক্ৰমণ কৰে ৰাজ কৰ্মকাৰে। ইতিমধ্যে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী ৰাজক। ২৫ জুলাইৰ পৰা কাছাৰৰ পৰা সন্ধানহীন হৈছিল হত্যাকাৰী ৰাজ।